NORTHEAST NOW (Assamese)
দেশ

পঞ্জাৱত নহয় আপ-কংগ্ৰেছৰ মিত্ৰতা, জনালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2024 9:15 pm
পঞ্জাৱত নহয় আপ-কংগ্ৰেছৰ মিত্ৰতা, জনালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে 

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া মিত্ৰজোঁটৰ ওপৰত পৰিছে ইটোৰ পিছত সিটোকৈ আঘাত। পঞ্জাৱত নহয় আপ-কংগ্ৰেছ মিত্ৰতা। 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় – আগন্তুক লোকসভাত পঞ্জাৱত আপে অকলে যুঁজিব। 

উল্লেখ্য যে শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কয় যে ৰাজ্যখনত কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নাথাকিব। 

বুধবাৰে সংবাদ মাধ্যমৰ জৰিয়তে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় পঞ্জাৱত বিৰোধী ঐক্যৰে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে আপৰ দলীয় কেডাৰে কংগ্ৰেছৰ সৈতে যিকোনো মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ নেতাসকলেও নিশ্চিত কৰিলে যে পঞ্জাৱত কোনো মিত্ৰতা নাথাকিব।