NORTHEAST NOW (Assamese)

পতঞ্জলি উদ্যোগৰ পৰিচালকক গ্ৰেপ্তাৰৰ দাবী জাতীয়তাবাদী দল-সংগঠনৰ

July 29, 2018 9:52 am · এন ই নাও নিউজ

পতঞ্জলি উদ্যোগৰ পৰিচালকগৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা মন্তব্য কৰাৰ বিৰুদ্ধে তেজপুৰত বিভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ লগতে ৰাইজ জাঙুৰ খাই উঠিছে ।

উল্লেখযোগ্য যে তেজপুৰৰ ঘোঁৰামাৰীত অৱস্থিত পতঞ্জলি ফুড এণ্ড হাৰ্বেল পাৰ্কৰ পৰিচালক সন্ত বাহাদুৰ সিঙে অসম আৰু অসমীয়া জাতিৰ বিৰুদ্ধে কৰা উপলুঙা সূচক তথা অশালীন মন্তব্য ‘নিউয়ৰ্ক টাইমছ’ কাকতত অলপতে প্ৰকাশিত হৈছিল।

বহিৰাগত এজন লোকে অসমীয়াৰ বিৰুদ্ধে কৰা এনে মন্তব্য ‘নিউয়ৰ্ক টাইমছ’ৰ দৰে বিশ্বৰ এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে শনিবাৰে তেজপুৰৰ পতঞ্জলি অতিথিশালাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষুব্ধ সংগঠনটোৰ প্ৰতিবাদে পৰিৱেশ উত্তাল কৰি তোলে।

সংগঠনটোৰ নেতাসকলে পতঞ্জলিৰ পৰিচালকগৰাকীৰ অসম আৰু অসমীয়া জাতিৰ স্বাভিমানত আঘাত হনা এনেধৰণৰ অশালীন মন্তব্য কোনো কাৰণতেই সহ্য কৰা নহ’ব বুলি সকীয়াই দি এনে মন্তব্যৰ বাবে শীঘ্ৰেই ৰাজহুৱেভাৱে ক্ষমা খোজাৰ লগতে পৰিচালকগৰাকীক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়।

তেজপুৰৰ ঘোঁৰামাৰীস্থিত পতঞ্জলি উদ্যোগৰ পৰিচালক সন্ত বাহাদুৰ সিঙক শীঘ্ৰে  গ্ৰেপ্তাৰ নকৰিলে সন্মিলনে পতঞ্জলিৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

আনহাতে, পতঞ্জিলৰ পৰিচালকৰ অসমীয়াৰ বিৰুদ্ধে কৰা মন্তব্যক অসমৰ সৰ্বস্তৰৰ ৰাইজে ধিক্কাৰ দিছে। যোগ আৰু সামগ্ৰীৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্য লৈ অসমলৈ অহা পতঞ্জলিয়ে ইয়াৰ জনসাধাৰণক সন্মান জনাব নজনা কথাটোৱে বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News