NORTHEAST NOW (Assamese)
অসম

‘পলাতক ধৰ্ষণকাৰী’ক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে মালিপাৰা সংযোগী সকলো পথ বন্ধ কৰিব দক্ষিণ বজালী আছুৱে

Posted by: শশাংক তালুকদাৰ February 14, 2018 10:43 pm

বজালীৰ মালিপাৰাত এগৰাকী কিশোৰী ধৰ্ষণ কৰি পলাই থকা বুলি অভিযোগ উঠা অধয় মালাকাৰ নামৰ লোকজনক তৎকালে গ্ৰেপ্তাৰ নকৰিলে মালিপাৰা সংযোগী সকলো পথ বন্ধ কৰি দিয়াৰ ভাবুকি দিছে দক্ষিণ বজালী আছুৱে।

ধৰ্ষণৰ ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে অভিযুক্ত লোকজনক আটক কৰিব পৰা নাই।

যোৱা সোমবাৰে গাওঁখনৰ অধয় মালাকাৰ নামৰ এজন ৪৫ বছৰীয়া বিবাহিত লোকে তেওঁৰ প্ৰতিৱেশী কিশোৰীজনীক সন্ধিয়াৰ সময়ত বাটত অকলে পাই নিজৰ দোকানৰ পিছফালে নি বলাৎকাৰ কৰে বুলি অভিযোগ উঠিছে।
ছোৱালীজনীয়ে তাইৰ দেউতাকক বিচাৰি ওলাই গৈছিল। তেনেকুৱাতে অধয় মালাকাৰে তাইক নিজৰ ফাৰ্নিচাৰ দোকানৰ পিছফাললৈ টানি নি এই অপকৰ্ম সংঘটিত কৰে। পিছত ছোৱালীজনীক ঘটনাৰ বিষয়ে মাক-দেউতাকক ক’লে তাইৰ নগ্ন ফটো ৰাজহুৱা কৰি দিব বুলি ভাবুকি দিয়ে।
ঘৰলৈ ঘূৰাৰৰ পিছত ছোৱালীজনীয়ে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে জনায়। ঘটনাটোৰ বিষয়ে জনাজনি হোৱাৰ পিছত ক্ৰোধান্বিত স্থানীয় লোকসকলে অধয় মালাকাৰক বিচাৰি দোকানত উপস্থিত হয়। কিন্তু অধয় মালাকাৰ কোনোমতে পলাই সাৰে। উত্তেজিত লোকসকলে তেওঁৰ দোকানৰ ফাৰ্নিচাৰ আদি ভাঙি নষ্ট কৰে।
পৰিয়ালৰ লোকে অভিযুক্ত মালাকাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।