NORTHEAST NOW (Assamese)
অসম

পশ্চিম কাৰ্বি আংলং জিলাৰ কলঙাৰ কিলীং নদীত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্তকৰণ : ৩ জনক আটক

Posted by: এন ই নাও নিউজ May 29, 2018 1:23 pm

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত কলঙাৰ কিলীং নদীত দেওবাৰে বিয়লি উদ্ধাৰ হোৱা অৰ্ধ গলিত মৃতদেহটো আজি পৰিয়ালৰ লোকে চিনাক্ত কৰে।

উল্লেখযোগ্য যে মৃতদেহটোৰ হাতত লিখা আছিল “Bida” আৰু “Siko” দুটা নাম। আৰু এই নাম দুটাৰ পৰাই পৰিয়ালৰ লোকে আজি মৃতদেহটো চিনাক্তক কৰিবলৈ সক্ষম হয়। এই নাম দুটা পতি-পত্নীৰ ঘৰুৱা নাম।

প্ৰাপ্ত তথ্য মতে মৃতদেহটো বৈঠালাংছ’ৰ থেদং হাঞ্চে গাঁৱৰ তপন কেয়াপ(২৬)ৰ । আৰু তপন ২০১৭ বৰ্ষৰ ২৯ ডিচেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

পৰিয়ালৰ উত্থাপন কৰা অভিযোগ অনুসৰি অস্ত্রবিৰতিত থকা কে পি এল টি উগ্ৰপন্থী সংগঠনটোৱে তপনক অপহৰন কৰি নিছিল।

ইফালে মৃতদেহ উদ্ধাৰৰ পিছতে হামৰেণ আৰক্ষীয়ে অভিযান চলাই এই ঘটনাৰ লগত জড়িত কে পি এল টিৰ তিনিজন সদস্যক বকলীয়াঘাটৰ পৰা আটক কৰে। আটকাধীন লোক কেইজন হ’ল ক্ৰমে দিলীপ টিমুং ওৰফে বৰকিৰি টিমুং, ধনীৰাম টিমুং ওৰফে লংবৈ টিমুং আৰু দেম’চ হাঞ্চে ওৰফে আটুৰ হাঞ্চে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৪/৩০২/২০১/৩৪ অধীনত বৈঠালাংছ’ থানাত ৪৩ নম্বৰত এটি গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।