NORTHEAST NOW (Assamese)

পশ্চিম মণিপুৰত ৰাষ্ট্ৰীয় পথত আই ই ডি উদ্ধাৰ : ডাঙৰ অঘটনৰ পৰা ৰক্ষা

December 17, 2017 10:30 pm · এন ই নাও নিউজ

আজি পুৱা ইম্ফলৰ ৩৭ নং ঘাইপথত স্থাপন কৰি থোৱা এটা আই ই ডি বিস্ফোৰণ হোৱাৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় সামৰিক বাহিনীৰ লোক। ফলত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো। জানিব পৰা মতে ইম্ফল পশ্চিম জিলাৰ কনথৌজাম নামৰ ঠাইখনত ৰাষ্ট্ৰীয় পথৰ ওপৰত গছৰ পাতেৰে ঢাকি ৰাখিছিল দূৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা আই ই ডিটো। আৰ অ’ পি কৰ্তব্যত যোৱা আছাম ৰাইফলৰ অধীনৰ 5 JAK RIF ৰ সেনাৰ দলটোৱে এটা সন্দেহজনক টোপোলা পোৱাৰ পিছত আৰক্ষী আৰু 5 JAK RIF ৰ সেনাৰ দল ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয়। লগে লগে বোমা নিষ্ক্ৰিয় কৰা দল মতা হয় আৰু তেওঁলোকে সেইটো পৰীক্ষা কৰি আই ই ডি বুলি নিশ্চিত কৰে। RCIED খণ্ড-বিখণ্ড কৰাৰ পিছত আই ই ডিটোৰ ভিতৰত ৭ কেজি বিস্ফোৰক আৰু তিনি ডাল ডিটনেটৰ পোৱা যায়। ডিটনেটৰকেইডাল নষ্ট কৰি পেলোৱাৰ পিছত আই ই ডিৰ বাকী অংশ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে নিয়া হয়।

Related News