NORTHEAST NOW (Assamese)
অসম

পাঁচ বছৰৰ অন্তত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি

Posted by: পংকজ কুমাৰ দেব July 18, 2018 12:10 pm
20180718_092557

সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত নিযুক্তি দিয়া হ’ল স্থায়ী অধ্যক্ষ। সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়খনৰ এই দায়িত্ব গ্রহণ কৰে মনোজ কুমাৰে।

উল্লেখনীয় যে হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ অস্বাস্থ্যকৰ পৰিৱেশ, বিদ্যালয় ভৱনৰ পৰিত্যক্ত অৱস্থাৰ উপৰি স্থায়ী অধ্যক্ষ নথকা সন্দৰ্ভত বিগত সময়ত নৰ্থ-ইষ্ট নাওত ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ কৰা হৈছিল। আৰু ইয়াৰ পৰিণতিতে শেহতীয়া ভাৱে কেন্দ্ৰীয় মানব সম্পদ উন্নয়নে মনোজ কুমাৰক হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে নিয়োগ কৰিলে।

১৭ জুলাইত নৰ্থ-ইষ্ট নাওৰ লগত হোৱা এক সাক্ষাতকাৰত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰে বৰ্তমান বিদ্যালয় ভৱনৰ অৱস্থা অতি শোচনীয় বুলি উল্লেখ কৰি কয় যে বিদ্যালয়ৰ নতুন ভৱন সাজু হৈ উঠিছে। এতিয়া পথ নিৰ্মাণৰ কাম শেষ হ’লেই শ্ৰেণী কোঠাসমূহ নতুন ভৱনলৈ লৈ যোৱা হ’ব।

আনহাতে নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে হাফলঙৰ সেউজীয়া পৰিৱেশ দেখি আত্মবিভোৰ হৈ পৰা পৰিলক্ষিত হয়। প্ৰকৃতিৰ এনে মনোৰম দৃশ্যৰ মাজত কাম কৰিবলৈ পাই অধ্যক্ষজনে নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰে। মনোজ কুমাৰ ইয়াৰ আগতে দিল্লীৰ ছেক্টৰ ২৫ৰ কে ভি ৰোহিনীত কৰ্মৰত আছিল।

উল্লেখ্য যে হাফলং কেন্দ্ৰীয় বিদ্যালয়ত ২০১৩ চনত এম বি ছেত্ৰী নামৰ স্থায়ী অধ্যক্ষজনে অৱসৰ লোৱাৰ পাছৰে পৰা বিগত পাঁচ বছৰ কাল এনেদৰে অস্থায়ী অধ্যক্ষৰে চলিছিল বিদ্যালয়।