NORTHEAST NOW (Assamese)
অসম

পাঠশালাত মুছলমানৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দু জাগৰণ মঞ্চৰ; মুছলিম আগ্ৰাসন ৰোধৰ বাবে ৰাজ্যপাললৈ স্মাৰক পত্ৰ

Posted by: শশাংক তালুকদাৰ June 1, 2018 7:35 pm
hindu jagaran mancha protest

বিজেপিৰ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গানক লৈ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হোৱাৰ পৰতে ‘জাতি, মাটি, ভেটি ৰক্ষাৰ হেতু’ মুছলিম আগ্ৰাসন ৰোধৰ আহ্বান জনাইছে হিন্দু জাগৰণ মঞ্চ ( Hindu Jagaran Manch )ই।

hindu jagaran manch assam

‘জাতি, মাটি, ভেটি ৰক্ষা হেতু সকলো হিন্দু তথা খিলঞ্জীয়া লোকক মুছলিমৰ আগ্ৰাসন ৰোধ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰি অসমখন বচোৱাৰ প্ৰয়োজন হৈছে’ বুলি উল্লেখ কৰি সংগঠনটোৱে আজি ১ জুনত অসমৰ ৰাজ্যপাললৈ এক  স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

সত্ৰৰ মাটি দখল, লাভ জেহাদ, শিশু অপহৰণ আদিৰ অভিযোগত মুছলমানৰ বিৰুদ্ধে পাঠশালাত হিন্দু জাগৰণ মঞ্চই বাহিৰ কৰা প্ৰতিবাদী সমদলে বজালীৰ মহকুমাধিপতিৰ যোগেদি স্মাৰক পত্ৰখন প্ৰেৰণ কৰিছে।

আজাদ ভৱন চৌহদৰ পৰা আহি আৰক্ষী থানাত উপস্থিত প্ৰতিবাদকাৰীসকলে বজালী মহকুমাৰ তুৰ্কুনি গাঁৱৰ মজিদ আলীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

মজিদ আলীক এটা অপহৰণ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী বুলি হিন্দু জাগৰণ মঞ্চই দাবী কৰিছে। উল্লেখযোগ্য যে উক্ত অপহৰণ কাণ্ডটোত জৰিত থকাৰ অভিযোগত বজালী আৰক্ষীয়ে ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

হিন্দু জাগৰণ মঞ্চ, বজালীৰ সভাপতি ভূপেশ বৰুৱা আৰু সম্পাদক জয়ন্ত পাটগিৰীৰ নেতৃত্বত আৰ এচ এচ আৰু বজৰং দলৰ স্থানীয় শাখাৰ সহযোগিতাত ওলোৱা প্ৰতিবাদী সমদলটোত প্ৰায় ডেৰশ গৰাকী লোকে অংশ গ্ৰহণ কৰে।