NORTHEAST NOW (Assamese)

পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ধৰ্মনগৰত উত্তেজনা

January 15, 2018 8:29 pm · পান্না ঘোষ

ত্ৰিপুৰাৰ কদমটলা আৰক্ষী চকীৰ অন্তৰ্গত প্ৰটেক্ৰায় গাঁৱৰ এটা পুখুৰীত সোমবাৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰি আছে। প্ৰাপ্ত তথ্য মতে মহিলা গৰাকীক কোনো দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি পুখুৰীটোত পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে।

মাজনিশা ঘৰৰ বাহিৰলৈ উলাই যোৱাৰে পৰা সন্ধানহীন হৈ থকা মহিলাগৰাকীক তেওঁৰ স্বামী বিৰেন্দ্ৰ মালাকাৰে পিছদিনা পুৱা পত্নীক ঘৰত নাপায় বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল। পিছত তেওঁ কদমটলা আৰক্ষী চকীত পত্নী নিৰুদ্দেশ হোৱাৰ কথা জনায়। কিছু সময়ৰ পিছতে মহিলা গৰাকীক তেওঁৰ ঘৰৰ পৰা ১.৫ কি. মি. নিলগৰ এটা পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধৰ্ম নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাটোৱে উত্তেজিত কৰি তোলা গাঁও বাসীয়ে অঞ্চলটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নথকাত অপত্তি দৰ্শোৱাৰ লগতে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবী জনায়।

Related News