NORTHEAST NOW (Assamese)
অসম

পুনৰ অনুষ্ঠিত নহয় চিবিএছইৰ গণিতৰ পৰীক্ষা : পৰিষদৰ ঘোষণা

Posted by: এন ই নাও নিউজ April 3, 2018 1:52 pm

সদ্যসমাপ্ত চিবিএছচিৰ দশমমান শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সু-খবৰ।

উল্লেখযোগ্য যে চেণ্ট্ৰেল ব’ৰ্ড অব ছেকেণ্ডাৰি এডুকেশ্যন (চি বি এছ ই (Central Board of Secondary Education)এ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে দশম শ্ৰেণীৰ গণিতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গণিতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয় বুলি ঘোষণা কৰে।

আনহাতে চি বি এছ ইৰ এই ঘোষণাৰ ফলত চি বি এছ ইৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট পৰিমাণে সকাহ লাভ কৰে বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চেণ্ট্ৰেল ব’ৰ্ড অব ছেকেণ্ডাৰি এডুকেইশ্যনৰ অধীনৰ ২৮ মাৰ্চত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ গণিতৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা আৰু তাৰ তথ্য চি বি এছ ইৰ ৱেবছাইটত প্ৰকাশ কৰা হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ডৰ ফালৰ পৰা জনাইছিল। লগতে এই সম্পৰ্কত তদন্ত আৰম্ভ হৈছিল বুলিও জনাইছিল।

কিন্তু শেহতীয়াকৈ চি বি এছ ইৰ ব’ৰ্ডে পুনৰ পৰীক্ষা পাতিব পৰাকৈ গণিতৰ প্ৰশ্নৰ কাকত ফাদিল হোৱা নাই বুলি ঘোষণা কৰি পুনৰ পৰীক্ষা পতাৰ সিদ্ধান্ত বাতিল কৰে।

যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰে দশম আৰু দ্বাদশ মানৰ প্ৰায় ২৮ লাখ শিক্ষাৰ্থীয়ে পুনৰ গণিতৰ পৰীক্ষাত বহাৰ পৰা ৰেহাই পায়।