NORTHEAST NOW (Assamese)
অৰুণাচল

পুব ছিয়াঙত এন ই ডি এফৰ দল উপস্থিত; চিয়াং নৈৰ নমুনা সংগ্ৰহ

Posted by: এন ই নাও নিউজ December 12, 2017 4:01 pm
পুব ছিয়াঙত এন ই ডি এফৰ দল উপস্থিত; চিয়াং নৈৰ নমুনা সংগ্ৰহ

উত্তৰ-পূব ডায়েলগ ফ’ৰাম (এন ই ডি এফ)ৰ এটা চাৰিজনীয়া দলে গুৱাহাটীস্থিত পৰিৱেশবিদ কেশৱ কৃষ্ণ ছত্ৰধৰৰ নেতৃত্বত সোমবাৰে অৰুণাচলৰ পুব চিয়াং জিলাত গৈ চিয়াং নৈৰ জলপৃষ্ঠৰ পৰা পানী আৰু পলসৰ নমুনা সংগ্ৰহ কৰে। নৈৰ জলপৃষ্ঠৰ ৬ পৰা ১০ ইঞ্চি লৈকে ডাঠ গেদ জমা হোৱা কথাটোত আশ্চৰ্য্য প্ৰকাশ কৰা  ছত্ৰধৰে কয় ‘ ই নৈৰ মাছৰ লগতে আন জলচৰ কৃত-পতংগৰ বাবে অতি ক্ষতিকাৰক’। ইয়াৰ উপৰি দলটোৱে ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ ব্ৰহ্মপুত্ৰ নদীপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে।

বিষয়টা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা তথা এন ই ডি এফৰ ন্যায়িক পৰামৰ্শদাতা তুলাৰাম গগৈয়ে কয় ‘আমি পানী তথা পলসত মজুত থকা উপাদান পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা নমুনাখিনি গুৱাহাটী আই আই টি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰলৈ পঠাইছো। পানী ঘোদা হোৱাৰ কাৰণ নিশ্চিত হোৱাৰ পিছত আমি বিষয়টোক কেন্দ্ৰীয় চৰকাৰ আৰু চীনৰ ৰাষ্ট্ৰদূতৰ সৈতেও আলোচনা কৰিম।’

ইতিমধ্যে টি এম পি কে আৰু ইয়াৰ  সহযোগী সংগঠন সমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জোনাই, ডিব্ৰুগড়, ঢকুৱাখনা, শিৱসাগৰ আৰু মাজুলীৰ বিভিন্ন স্থানত বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ ক্ষিপ্ৰ তথা উপযুক্ত পদক্ষেপ দাবী কৰি প্ৰতিবাদ গঢ়ি তোলে।

আনহাতে ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি শীত কালত চিয়াঙৰ প্ৰদূষণৰ মান ১২ পৰা ১৫ নেফেলোম্যেট্রিক টাৰবডিটি ইউনিট (এন টি অ’) হোৱা উচিত যদিও বৰ্ষা কালতে নৈখনৰ প্ৰদূষণৰ মান ২৯৫ পৰা ৩২৯ এন টি অ’ হয়।

মনকৰিবলগীয়া যে চিয়াঙ আৰু ব্ৰহ্মপুত্ৰৰ ঘোদা পানী খোৱা অনুপযোগী হৈ পৰাৰ লগতে বহু বনৰীয়া জন্তূ আৰু জলচৰ প্ৰাণীৰ মৃত্যু ঘটাই এক গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে।