NORTHEAST NOW (Assamese)
অসম

পৃথক ঘটনাত বৰপেটাত দুজন মহাবিদ্যালয়ৰ ছাত্ৰৰ সলিল সমাধি

Posted by: শশাংক তালুকদাৰ July 18, 2018 8:51 pm
Two-drown-570x320

বজালীত দুটা পৃথক ঘটনাত সলিল সমাধি ঘটি দুজন ছাত্ৰৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। আজি দুপৰীয়া বৰপেটা জিলাৰ বজালী মহকুমাৰ পাঠশালা চহৰত এজন আৰু কুৰোবাহা টংলাত আন এজন ছাত্ৰৰ পানীত ডুবি মৃত্যু ঘটে।

জানিব পৰা মতে, গৰমৰ পৰা ৰক্ষা পাবলৈ পুখুৰীত নামি গা ধুবলৈ যোৱা  ছাত্ৰ দুজনৰ পুখুৰীৰ পানীত ডুবি মৃত্যু হয়।

প্ৰথম ঘটনাত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ১৮বছৰ বয়সীয়া ধৃতিমান পাটগিৰিয়ে বন্ধুবৰ্গৰ সৈতে পাঠশালা মহাবিদ্যালয়ৰ পুখুৰীটোত গা ধুবলৈ নামে। গা ধুই থাকোঁতেই হঠাতে ধৃতিমান পানীত ডুবি যায়।

তাৰ পাছত স্থানীয় ৰাইজে তেওঁক জাল মাৰি পানীৰ পৰা তুলি আনে আৰু ততাতৈয়াকৈ পাঠশালাৰ চহিদ মদন ৰাউতা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক চিকিৎসাললৈ অনা বাটতেই মৃত বুলি ঘোষণা কৰে। ধৃতিমানৰ পিতৃৰ নাম হৈছে কুলেন পাটগিৰি। তেওঁৰ ঘৰ বৰপেটা জিলাৰ মুগুৰীয়াত।

আন এটা ঘটনাত ভৱানীপুৰ হস্তিনাপুৰ বিজনী (BHB) মহাবিদ্যালয়ৰ ছাত্ৰ যুৱৰাজ তালুকদাৰৰ পুখুৰীৰ পানীত ডুবি মৃত্যু ঘটে। যুৱৰাজৰ বয়স প্ৰায় ২০ বছৰ।

যুৱৰাজৰ পিতৃৰ নাম শৰৎ চন্দ্ৰ তালুকদাৰ। তেওঁৰ ঘৰ বৰপেটা জিলাৰ কুৰোবাহা টংলাত।

ছাত্ৰ দুজনৰ পানীত ডুবি মৃত্যু হোৱাৰ বাতৰি ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি হয়। ছাত্ৰ দুজনৰ আকস্মিক মৃত্যুত দুয়োটা পৰিয়ালৰ সদস্যসকল হত-চকিত হৈ পৰে। পাছত ছাত্ৰ দুজনৰ মৃতদেহ দুটা পাঠশালাৰ চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।