NORTHEAST NOW (Assamese)

পেমা খাণ্ডু নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ অৰুণাচল প্ৰদেশ যুৱ কংগ্ৰেছৰ

April 13, 2018 1:06 pm · এন ই নাও নিউজ
Updated: April 13, 2018 3:53 pm

পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰে অৰুণাচল প্ৰদেশত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনীহা প্ৰদৰ্শন কৰাৰ বাবে অৰুণাচল প্ৰদেশ যুৱ কংগ্ৰেছে ৰাজ্যখনত শাসনাধিষ্ঠিত চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অৰুণাচল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি গেলি এটে পেমা খাণ্ডু নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে ৰাজ্যত দুতৰপীয়া পঞ্চায়তী ব্যৱস্থাৰ প্ৰৱৰ্তনৰ নামত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে।

উল্লেখ্য যে নিৰ্ধাৰিত সময় অনুসৰি ৰাজ্যখনত অহা মে’ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা যদিও এই ক্ষেত্ৰত চৰকাৰখনে অনীহা প্ৰদৰ্শন কৰি থকা বাবে ৰাজ্যিক যুৱ কংগ্ৰেছে মুখ্য মন্ত্ৰী খাণ্ডু আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী এল’ লিবাঙৰ পদত্যাগৰো দাবী উত্থাপন কৰে।

এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ যুৱ কংগ্ৰেছে বিষয়টোৰ গুৰুত্ব সন্দৰ্ভত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি ৰাজ্যপাল বি ডি মিশ্ৰক এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

ইয়াৰ উপৰি তেওঁলোকে কয় যে চৰকাৰখনে নিজৰ বাবে পঞ্চায়তী ব্যৱস্থা ধ্বংস কৰাৰ পৰিকল্পনাত লিপ্ত হৈছে। লগতে গ্ৰাম্যাঞ্চল লোকৰ গণতান্ত্ৰিক অধিকাৰো খৰ্ব কৰিছে।

ৰাজ্যিক নিৰ্বাচনী আয়োগে ১৫ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব বুলি ধাৰণা কৰা হৈছিল কিন্তু সেই সময়তে ৰাজ্যিক বিধানসভাত দুতৰপীয়া পঞ্চায়তী ব্যৱস্থাৰ বিধেয়কখন গৃহীত হয়। বৰ্তমান এই বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে অপেক্ষাত থকা বুলি মন্তব্য কৰে যুৱ কংগ্ৰেছৰ নেতৃত্বই।

Related News