NORTHEAST NOW (Assamese)
অসম

প্রথমটো ভ্ৰমণসূচীৰে ২৭ মাৰ্চত ওদালগুৰিত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী

Posted by: চাজিদ খান March 22, 2018 1:20 pm
Assam

ওদালগুৰি আৰ্য সমাজৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দ্যেশ্য অহা ২৭ মাৰ্চত প্রথমবাৰৰ বাবে জিলাখনত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী।

নিজৰ প্রথমটো ভ্ৰমণসূচীত ৰাজ্যপাল গৰকীয়ে জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয় আদি ভ্ৰমণ কৰি স্বচ্ছ অভিযানৰ অগ্ৰগতিৰ বুজ ল’ব।

আনহাতে এই ভ্ৰমণতে ৰাজ্যপাল গৰাকীয়ে সমাজৰ বিভিন্ন শ্ৰেনীৰ লোকক সৈতে সাক্ষাৎ কৰাৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে কেইবাখনো বৈঠকত অংশ ল’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যপাল মুখীয়ে এই ভ্ৰমণ কালতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেতবোৰ চৰকাৰী কাৰ্যলয়ো পৰিদৰ্শন কৰিব। বিশেষকৈ চৰকাৰী কাৰ্যালয়ত স্বচ্ছ অভিযানৰ ৰূপ স্বচক্ষে প্ৰত্যক্ষ কৰিব ৰাজ্যপাল গৰাকীয়ে।

জানিব পৰা মতে ওদালগুৰি আৰ্য সমাজে তিনিদিনীয়াকৈ আয়োজন কৰা এক ধৰ্মীয় কাৰ্যসূচীৰ অন্তিম দিনা ৰাজ্যপাল গৰাকী উপস্থিত থাকি ২৮ মাৰ্চত দৰঙত উপস্থিত হ’ব।

সম্প্ৰতি ৰাজ্যপাল গৰাকীৰ এই আগমণক লৈ জিলা-প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।বিশেষকৈ ৰাজ্যপাল মুখীৰ ভ্ৰমণৰ সময়ত যাতে কোনো অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী- প্ৰশাসনে।