NORTHEAST NOW (Assamese)
অসম

প্ৰথম ভ্ৰমণসূচীৰে ১১ এপ্ৰিলত হাফলঙত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী

Posted by: পংকজ কুমাৰ দেব April 4, 2018 5:09 pm

১১ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীলৈ হাফলঙলৈ আহিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। উল্লেখ্যোগ্য যে পাৰ্বত্য জিলাখনলৈ ৰাজ্যপালগৰাকীৰ এয়া প্ৰথম ভ্ৰমণ।

গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিশেষ হেলিকপ্টাৰেৰে হাফলংত পুৱা দহ বজাত উপস্থিত হৈ তেওঁ পোনেপোনে হাফলং আবৰ্ত ভবনলৈ ৰাওনা হ’ব।

আবৰ্ত ভবনত ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীৰ বিভিন্ন বিষয়াৰ সৈতে পাৰ্বত্য জিলাখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হব।

ইয়াৰ পিছত তেওঁ জিলা সদৰৰ বিভিন্ন বিদ্যালয়, চিকিৎসালয় তথা চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান বাস্তৱায়নৰ বিষয়ে বুজ লব বুলি জানিব পৰা গৈছে।

দুপৰীয়া বাৰটা বাজি ত্ৰিশ মিনিটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত উপস্থিত হোৱাৰ লগতে পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত বিভিন্ন চৰকাৰী বিভাগৰ প্ৰধানৰ সৈতে চৰকাৰী প্ৰকল্পৰ কামকাজক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।

আবেলিলৈ তেওঁ জিলাখনৰ বিভিন্ন দল সংগঠনৰ উপৰি ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হব। ইয়াৰ পিছত হাফলং সমীপৱৰ্ত্তী ৰাজ্যৰ দ্বিতীয় স্বচ্ছ গাঁও জায়ন পৰিদৰ্শন কৰিব।

১২ এপ্ৰিলৰ পুৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এমৰ উপৰি পৰিষদ সদস্য সকলৰ লগত বৈঠক মিলিত হৈ দুপৰীয়া ১২ মান বজাত জিলাখনৰ সংবাদ কৰ্মীসকলৰ লগত সৌজন্যমূলক সাক্ষাৎ কৰি গুৱাহাটীৰ উদ্দেশ্যে ৰাওনা হব।