NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি কামৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক অভিজিৎ বৰা

Posted by: কল্পজ্যোতি শইকীয়া June 27, 2018 11:30 am
YouthPradeshCongress_2

যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ ৰাজ্যখনৰ ৰাজনৈতিক মহলত, বিশেষকৈ কংগ্ৰেছ দলত যোৱা দুদিন ধৰি উৎকণ্ঠা চলি থকাৰ পিছত আজি ইয়াৰ ফলাফল ঘোষিত হৈছে। ঘোষিত ফলাফলৰ শেহতীয়া তথ্য মতে কাছাৰৰ কামৰুল ইছলাম চৌধুৰী প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছে।

আনহাতে সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে নগাৱঁৰ অভিজিৎ বৰা।

মন কৰিব লগীয়া যে এওঁলোক দুয়োজন প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন সমৰ্থিত প্ৰাৰ্থী।

উল্লেখযোগ্য যে এইবাৰৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্বাচনে বিশেষ মনোযোগ লাভ কৰিছিল এই বাবেই যে প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত বিভিন্নটা ফৈদৰ সৃষ্টি হৈছিল আৰু যুৱ কংগ্ৰেছৰ নিৰ্বাচনত এই ফৈদবোৰে নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰোৱাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক দুয়োজনে আজি বিজয়ী হোৱাৰ পিছতে তেওঁলোকৰ প্ৰতি ৰকিবুল হুছেইনৰ আশীৰ্বাদ তথা সমৰ্থন থকা বুলি কয়।

আনহাতে এই দুয়োজনৰ সমৰ্থকে আজি ভোট গণনা হৈ থকা জি এছ ৰ’ডত থকা ৰাজীৱ ভৱনত ফলাফল বাহিৰ হোৱাৰ পিছতে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দিয়া দেখা গ’ল। ইয়াৰ পৰাই প্ৰমাণ হয় যে এইবাৰৰ নিৰ্বাচনত হস্তক্ষেপ আছে জ্যেষ্ঠ কংগ্ৰেছীৰ।

সংবাদ মাধ্যমত এই দুদিন ধৰি প্ৰকাশ হৈ থকা বাতৰি মতে, এইবাৰৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্বাচনত ব্যাপক হাৰত ধনবল প্ৰয়োগ হৈছে।

শেহতীয়া খবৰ মতে, প্ৰদেশ যুৱ কংগ্ৰেছৰ আজিৰ নিৰ্বাচনত উপ-সভাপতি অংকিতা দত্ত। এওঁ প্ৰাক্তন মন্ত্ৰী, প্ৰয়াত অঞ্জন দত্তৰ কন্যা।