NORTHEAST NOW (Assamese)
ছিকিম

প্ৰাক্তন মুখ্য মন্ত্ৰীলৈ শ্ৰদ্ধাৰ চিন স্বৰূপে ছিকিম চৰকাৰী মহাবিদ্যালয়ৰ নাম সলনি কৰিব নৰ বাহাদুৰ ভাণ্ডাৰী স্নাতক মহবিদ্যালয়লৈ  

Posted by: সাগৰ ছেত্ৰী May 6, 2018 10:24 pm
IMG-20180506-WA0041

ছিকিমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত নৰ বাহাদুৰ ভাণ্ডাৰীক সন্মান জনোৱাৰ উদ্দেশ্যে টাডংস্থিত ছিকিম চৰকাৰী মহাবিদ্যালয়ৰ নাম নৰ বাহাদুৰ ভাণ্ডাৰী স্নাতক মহবিদ্যালয়লৈ সলনি কৰাৰ কথা ঘোষণা কৰে মুখ্য মন্ত্ৰী পৱন চামলিঙে

পশ্চিম ছিকিমৰ গিয়ালছিংস্থিত কিয়ংছা খেলপথাৰত চলি থকা ‘জন সম্পৰ্ক অভিযান’ত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী ছামলিঙে এই কথা ঘোষণা কৰে। পূব ছিকিমৰ গেংটকস্থিত উক্ত মহাবিদ্যালয়খন নৰ বাহাদুৰ ভাণ্ডাৰী নেতৃত্বাধীন চৰকাৰৰ সময়ত স্থাপন কৰা হৈছিল।

‘জন সম্পৰ্ক অভিযান’ত অংশ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা দৰ্শকসকলক উদ্দেশ্যি কয় যে এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে প্ৰতিটো সমষ্টিৰ জনসাধাৰণক লগ ধৰা আৰু তেওঁলোকৰ সমস্যা সমূহ তেওঁলোকৰ মুখেৰে শুণা।

মুখ্য মন্ত্ৰী ছামলিঙে সকলো লোককে সমাজ তথা দেশৰ উন্নয়ন কাৰ্যত অৰিহনা তথা অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে গাঁও সমূহক সুন্দৰ তথা সকলো প্ৰকাৰৰে উন্নয়ন সম্ভৱ কৰি তুলিবৰ বাবেও অনুৰোধ জনায়।  স্বাস্থ্য আৰু শিক্ষা খণ্ডতো ৰাজ্যখনৰ আটাইতকৈ প্ৰধান খণ্ড বুলিও তেওঁ মন্তব্য কৰা দেখা যায়।

ইয়াৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ সঠিক ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়। তেওঁ লগতে কৃষিজীৱি লোকসকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰাৰো আশ্বাস প্ৰদান কৰে।

IMG-20180506-WA0042

উল্লেখ্য যে মুখ্য মন্ত্ৰী ছামলিঙে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰি দাৰাপত ‘লিবুম্বা পুংৱা নী ইং য়ুক’ নামৰ এটি ধ্যান কেন্দ্ৰ আৰু টিকজেকত ‘ইমান সিং চেমজং মেম’ৰিয়েল য়ুকটেন’ৰ আধাৰশিলা স্থাপন কৰে।

আনহাতে কিয়ংছাত লেপছা প্ৰিমাইটিভ ট্ৰাইব গাৰ্লছ হোষ্টেল আৰু পশ্চিম ছিকিম জিলাত এটি বৃদ্ধ আবাসৰো আধাৰশিলা স্থাপন কৰা বুলি জানিব পৰা যায়।

ইফালে দেশৰ ভিতৰতে আটাইতকৈ বেছি সময় মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা পৱন ছামলিঙক য়াংঠাং সমষ্টি আৰু লেপছা কল্যাণ সংগঠনে শুভেচ্ছা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।