NORTHEAST NOW (Assamese)
অসম

প্ৰিয়ংকা ভৰালীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ যোৰহাটৰ চিনামৰা অ’ এন জি চি বিহু কমিটিৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ April 29, 2018 6:30 pm
PriyankaBharali

যোৰাহাটৰ চিনামৰাত অ’ এন জি চিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ যোৱা জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীক উদযাপন সমিতিৰ বিষয়ববীয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

ঘটনাৰ বিৱৰণি মতে, ২৭ এপ্ৰিলৰ নিশা প্ৰিয়ংকা ভৰালী অ’ এন জি চি বিহু কমিটিৰ আমন্ত্ৰণক্ৰমে সংগীত পৰিৱেশনৰ বাবে গৈছিল।

কিন্তু গায়িকাগৰাকী গ্ৰীন ৰূমত বহি থকা অৱস্থাত নিচাগ্ৰস্ত কেইজনমান কৰ্মকৰ্তাই তেওঁৰ সৈতে ছেলফি উঠিবলৈ প্ৰয়াস কৰে। কিন্তু ছেলফি উঠাৰ নামত তেওঁলোকে গায়িকাগৰাকীক হাৰাশাস্তি কৰিবলৈ ধৰে আৰু নিচাৰ অজুহাতত গাত পৰি দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি বেয়া দেখি প্ৰিয়ংকাই গ্ৰীন ৰূমৰ পৰা ওলাই আহি নিজৰ গাড়ীত আশ্ৰয় লয়হি।

তাৎপৰ্য্যপূৰ্ণভাৱে আয়োজকসকলে তেতিয়া মঞ্চৰ পৰা ঘোষণা কৰে যে তেওঁ যিমান বিচাৰে সিমান টকা তেওঁলোকে দিব। কিন্তু গান গাবলৈ মঞ্চলৈ আহিব লাগে, যিটো কথাই গায়িকাগৰাকীক ক্ষুভিত কৰি তোলে।

পিছত প্ৰিয়ংকা ভৰালী মঞ্চলৈ যায় আৰু নিজৰ চহৰখনতে এনে ব্যৱহাৰৰ সন্মুখীন হোৱা বাবে দুখ প্ৰকাশ কৰে। তেওঁ মাননি হিচাপে লোৱা অগ্ৰিম ধন ঘূৰাই দিয়াৰ কথাও কয়। লগতে অনুৰোধ কৰে যে পিছদিনা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিব লগীয়া কল্পনা পাটোৱাৰীৰ প্ৰতি যেন এনেকুৱা ব্যৱহাৰ কৰা নহয়।

উল্লেখযোগ্য যে আয়োজকসকলৰ আমন্ত্ৰণক্ৰমে গীত পৰিৱেশন কৰিবলৈ গুৱাহাটীৰ পৰা যোৱা গায়িকা গৰাকীয়ে নিজৰ ঘৰুৱা চহৰখনতে এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হোৱাত ক্ষোভ প্ৰকাশ কৰিছে। নাৰীৰ প্ৰতি চাৰিওপিনে হৈ থকা নিৰ্য্যাতন আৰু দুৰ্ব্যৱহাৰৰ মাজতে এই ঘটনাটোৱে সচেতন মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।