NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ প্ৰাক্তন খেলুৱৈ ৰজনী চেতিয়াৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ শোক

June 13, 2018 4:41 pm · মানস প্ৰতিম গগৈ
Updated: June 13, 2018 5:47 pm

মাৰ্ঘেৰিটাৰ প্ৰাক্তন খেলুৱৈ তথা সমাজ সেৱক ৰজনী চেতিয়া (৬৫) ওৰফে ভানু দাই কালি দিনৰ ৩ বজাত মাৰ্ঘেৰিটাৰ থাৰমিৱস্থিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি প্ৰাক্তন খেলুৱৈ গৰাকী শাৰীৰিক অসুস্থতাত ভূগি আছিল। আৰু অৱশেষত প্ৰাক্তন খেলুৱৈ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত চেতিয়াই পত্নী, এজন পুত্ৰ, দুগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায়।  প্ৰয়াত চেতিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন চাকৰিয়াল আছিল ।

আনহাতে চেতিয়াৰ মৃত্যুত মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, প্ৰবীণ খেলুৱৈ সংস্থা তথা স্থানীয় দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।  চেতিয়াৰ মৃত্যুৰ ফলত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে শোকৰ ছাঁ‌ পৰিছে।

Related News