NORTHEAST NOW (Assamese)
অসম

পৰম্পৰাগত বৰ্ণিমাৰে হোজাইত ৰঙালী বিহু উদযাপন

Posted by: নিখিল মুন্দ্ৰা April 15, 2018 8:12 am
IMG-20180414-WA0035-570x320

হোজাইৰ কিণ্ডাৰ গাৰ্ডেন বিদ্যালয়ৰ শিশুসকলে শনিবাৰে পৰম্পৰাগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন কৰে।

পৰম্পৰাগত বৰ্ণিল সাজ পাৰেৰে সজ্জিত হৈ শিশুসকলে ঢোল আৰু পেঁপাৰ সুৰত বিহুনাম গোৱাৰ লগতে বিহুনৃত্যও কৰে। তিনিঘন্টা জুৰি চলা সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকলেও শিশুসকলৰ সৈতে অনুষ্ঠানটো উপভোগ কৰে।

IMG-20180414-WA0036-768x494

অনুষ্ঠানটেত উপস্থিত থকা হোজাই কিণ্ডাৰ গাৰ্ডেন বিদ্যালয়খনৰ অধ্যক্ষ ভাৰতী গুপ্তাই কয়, ‘’ আমাৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু তাৰ গুৰুত্বৰ বিষয়ে শিশুকালৰে পৰা আমাৰ বিদ্যালয়ৰ শিশুসকলক সজাগ কৰি তুলিবলৈ আমি বিদ্যালয়ত প্ৰতিটো উৎসৱেই পালন কৰো।‘’

‘’ৰহালী বিহু হৈছে বসন্ত উৎসৱ। আমি সকলোৱে অতি উলাহেৰে এই উৎসৱ পালন কৰো। বিহু অসমীয়াৰ লোকৰ বাবে নতুন বছৰৰ আৰম্ভণি আৰু  অনাগত দিনবোৰ আনন্দেৰে উপচি পৰক মই তাৰেই কামনা কৰিছো,’’-অধ্যক্ষ গুপ্তাই লগতে কয়।

সাংস্কৃতিক কাৰ্যসূচীৰ পিছত শিশুসকলক তিল পিঠা, নাৰিকলৰ পিঠা আৰু অন্যান্য সুস্বাদু মিঠাই তথা খাদ্যবস্তু আগবঢ়োৱা হয়।