NORTHEAST NOW (Assamese)
অসম

পৰম্পৰাগত ৰঙ-ৰূপেৰে ৰঙালী বিহু উদযাপনৰ বাবে সাজু ওদালগুৰিৰ টংলা

Posted by: চাজিদ খান April 10, 2018 12:33 pm
Screenshot_2016-04-16-18-12-59-1-570x320

ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ উৎসৱটোৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসম। ঠিক সেইদৰে ৰঙালীক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ওদালগুৰি জিলাৰ টংলা ।

সদৌ টংলা ৰঙালী বিহু সন্মিলনীয়ে অইন বছৰৰ দৰে এইবছৰো পহিলা বহাগৰ পৰা তিনিদিনী কাৰ্যসূচীৰে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

পতাকা উত্তোলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি হ’ব বুলি আমাক জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আৰু শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

আনহাতে আয়োজকে প্ৰস্তুত কৰি উলিওৱা ‘কেতেকী’ নামৰ মুখপত্ৰ খনো পহিলা বহাগৰ দিনাই উন্মোচন কৰিব। তাৰোপৰি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাব।

ইফালে বাৰেৰহনীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভ হ’ব দ্বিতীয় দিনাৰ কাৰ্যসূচী। দ্বিতীয় দিনা বিভিন্ন শাখাত বিহু নাচ প্ৰতিযোগিতা, হুচৰী প্ৰতিযোগিতাৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হোৱা বুলি জনায় বিহু উদযাপন সমিতিয়ে।

তিনিদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহু উৎসৱৰ অন্তিম দিনা ৰাজ্যিক ভিত্তিত মাৰাথন দৌৰৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে।

উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণামিকা গোস্বামী। আৰু তেওঁক সহযোগিতা আগবঢ়াব ফুকন বড়ো আৰু এলিছা বড়োৱে। আনহাতে বিশিষ্ট কৌতুক অভিনেতা বাপন শৰ্মাও সাংস্কৃতিক নিশাৰ অনুষ্ঠানত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব বুলি সমিতিয়ে জনায়।