NORTHEAST NOW (Assamese)

পৰিবেশ ৰক্ষাৰ উদ্দেশ্যে অসমীয়া যুৱকৰ ১৩০০ কিমি চাইকেল যাত্ৰা

January 18, 2018 10:16 am · শশাংক তালুকদাৰ

ৰাজ্যখনৰ সকলো লোকেই ভোগালি বিহু উদযাপনত ব্যস্ত হৈ থকাৰ সময়তে কৌশিক পাটগিৰী নামৰ এজন উৎসাহী যুৱকে  ‘ইন্ধন সংৰক্ষণ, শক্তি সংৰক্ষণ, জল সংৰক্ষণ, প্ৰাণী আৰু গছ-গছনি সংৰক্ষণ’ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এক চাইকেল যাত্ৰা আৰম্ভ কৰে।

১৩০০ কিমি অতিক্ৰম কৰা যাত্ৰাটোত পাটগিৰীয়ে চাইকেলেৰে পাঠশালাৰ পৰা ধলা-শদিয়াৰ ড০ ভূপেন হাজৰিকা সেতু লৈকে গৈ আকৌ পাঠশালালৈ উভতি আহে।

জানুৱাৰি ৭ তাৰিখে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে যোৱা বছৰ উদ্বোধন কৰা ড০ ভূপেন হাজৰিকা সেতু লৈ চাইকেল যাত্ৰা আৰম্ভ কৰে। ১১ জানুৱাৰিত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দেশৰ দীৰ্ঘতম দলংখনত উপস্থিত হৈ পুনৰ উভতি আহি ১৭ জানুৱাৰিত পাঠশালা পায়।

পৰিবেশ ৰক্ষাৰ বাবে চলোৱা কৌশিক পাটগিৰীৰ এই প্ৰচেষ্টাক সকলো লোকেই প্ৰশংসা কৰাৰ উপৰি যাত্ৰা কালত তেওঁক বিভিন্ন স্থানত ৰাইজে আদৰণি জনোৱাৰ লগতে সহায় আগবঢ়োৱা দেখা যায়।

 

 

Related News