NORTHEAST NOW (Assamese)

পৰিবৰ্তনৰ নামত চৰকাৰে অসমখন ধ্বংস কৰিব বিচাৰিছে : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

July 15, 2018 11:50 am · মিণ্টু দাস
নগাঁবত শনিবাৰে সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফটো : ইউ বি

“বিজেপি চৰকাৰে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যাৰ সৃষ্টিহে কৰিছে। এন আৰ চিৰ পৰা হাজাৰ হাজাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পেলাব বিচাৰিছে। অথচ তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে।”- এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। শনিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এইদৰে মন্তব্য কৰি তৰুণ গগৈয়ে কয় যে এন আৰ চিৰ নামত সমগ্র অসমতে চৰকাৰে এক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে।

ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্নৰ অৱতাৰণা কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত এন আৰ চি কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকৰ নাম বাদ পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। অকল সংখ্যালঘূয়েই নহয়, ভাষিক সংখ্যালঘু নাগৰিকৰ ক্ষেত্ৰতো ইচ্ছাকৃতভাৱে এন আৰ চি কৰ্তৃপক্ষই এই কাৰ্য কৰিছে।

গগৈয়ে কয় যে এই অভিযোগ সৰু সুৰা নহয়, যাৰ বাবে চৰকাৰে নিজেও ভয় খাইছে। ইতিমধ্যে চৰকাৰে অসমত অতিৰিক্তভাৱে ১৫০টা চি আৰ পি এফৰ কোম্পানী আনিব বিচাৰিছে। অসমত আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাৰীজনিত অপৰাধৰ দিনক দিনে বাঢ়িছে, ৰেৱতী ফুকনৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই, কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলিত নিহত ছাত্র নেতা লাফিকুল ইছলামৰ হত্যাৰ দোষীক চৰকাৰে প্ৰতিশ্ৰুতি দিও কৰায়ত্ত কৰিব নোৱাৰিলে। আচলতে এইবোৰেই চৰকাৰৰ বিফলতাৰ পৰিচয় দিছে।

গগৈয়ে পুনৰ এন আৰ চিৰ প্ৰসংগ টানি আনি কয়, ‘’২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকা অনুসৰি এন আৰ চিৰ কাম কৰিব লাগে।‘’ ভোটাৰ তালিকাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰি গগৈয়ে কয় যে যিহেতু নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি দিয়া ভোটাৰ তালিকা মতে এম এল এ আৰু এম পি হৈছে। সেয়ে সেই ভোটাৰসকলে নিৰ্বাচন কৰি দিয়া এখন চৰকাৰে কেনেকৈ এন আৰ চিৰ পৰা ভাৰতীয় নাগৰিকৰ নাম বাদ পেলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে‌।

কোনো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত বাদ পৰিলে কংগ্ৰেছে ৰাজনৈতিক আৰু আইনগতভাবে শেষ মুহূৰ্তলৈকে যুঁজি যাব বুলি উল্লেখ কৰি তেওঁ কয়, ‘’এই প্ৰক্ৰিয়া আজি নগাঁৱৰ পৰা আৰম্ভ হৈছে আৰু ৰাজ্যজুৰি অব্যাহত থাকিব।‘’

অসমত বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত এ আই ইউ ডি এফ দল দায়ী বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে এই দলটোয়ে পূৰ্বৰে পৰা ডাবল গেম খেলিছে। আজমলে সহায় নকৰা হ’লে সৰ্বানন্দ মুখ্যমন্ত্ৰী আৰু হিমন্ত মন্ত্ৰী হ’ব নোৱাৰিলেহেঁতেন।

উন্নয়নৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে ইতিমধ্যে জাগীৰোডৰ কাগজ কল বন্ধ হৈছে, ৰাস্তা ঘাটৰ উন্নয়নো কৰিব পৰা নাই। আনকি কংগ্ৰেছৰ দিনত বনাই থোৱা ৰাস্তা কেইটা মেৰামতি কৰিবলৈ সমৰ্থ হোৱা নাই বুলি তীব্ৰ সমালোচনা কৰি গগৈয়ে লগতে কয় যে এইখন চৰকাৰে কেৱল আধাৰশিলাতে উন্নয়ন সীমিত ৰাখিছে।

‘’মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টি মাজুলীতে উন্নয়ন মন্থৰ গতিত চলিছে। এই সন্দৰ্ভত দুবছৰ পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ পোৱা নাই। এতিয়াহে তেওঁৰ সমষ্টিৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিছে। মাজুলীৰ উন্নয়নৰ ছবিয়ে অসমৰ উন্নয়ন কিমান হৈছে, তাক প্ৰমাণ কৰিছে,’’- গগৈয়ে কটাক্ষ কৰে।

ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমক আটাইতকৈ বেছিকৈ মাহী আইৰ চকুৰে চোৱা চৰকাৰখন হৈছে কেন্দ্ৰীয় বিজেপি চৰকাৰ। কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনক বিশ্বাসঘাতক আৰু প্ৰৱঞ্চক আখ্যা দি তৰুণ গগৈয়ে আৰু কয় যে জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত ৰাজ্যখনৰ উন্নয়ন স্থৱিৰ হৈ পৰিছে।

কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰিবৰ্তন আমি আনিছোঁ। তেওঁলোকে শ্ল’গানহে দিছে। আমাৰ চৰকাৰৰ দিনৰ আঁচনিসমুহ সলনি কৰি তেওঁলোকে বাহ বাহ লৈ আছে। বিজ্ঞাপনৰ ওপৰতহে এইখন চৰকাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰি গগৈয়ে কয় যে বিজেপিয়ে পৰিবৰ্তনৰ নামত অসমখন ধ্বংসৰ মুখলৈ ঠেলিছে।

আনহাতে, এথলেটিকচ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল টুইটত হিমা দাসে ইংৰাজী কোৱাত দুৰ্বল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে  ই অতি নিন্দনীয় বুলি কয়। ভাষা নজনাটো কোনো ডাঙৰ কথা হ’ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে ভালকৈ ইংৰাজী নাজানে। গগৈয়ে হিমা দাসৰ বিৰল কৃতিত্বক লৈ অতি আনন্দিত বুলি উল্লেখ কৰি গগৈয়ে কয় যে হিমা অকল নগাঁও আৰু অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে গৌৰৱ।

সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা বিষ্ণু প্ৰসাদ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, কংগ্ৰেছ নেত্ৰী শিৱামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, দ্বীপ দাস, বিন্দু গঞ্জু, শচী দাস আদি নেতা উপস্থিত থাকে।

Related News