NORTHEAST NOW (Assamese)

পৰিৱেশজনিত শৰণাৰ্থী : সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিপদ কঢ়িয়াইছে বাংলাদেশলৈ

November 17, 2017 10:29 am · এন ই নাও নিউজ ব্যুৰো
Updated: November 17, 2017 10:32 am

বাংলাদেশ

সাগৰপৃষ্ঠতকৈ নিম্ন উচ্চতাত অৱস্থিত বাংলাদেশ হ’ল জলবায়ু পৰিৱৰ্তনৰ চিকাৰ হোৱা বিশ্বৰ অন্যতম দেশ।ইয়াৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলে সাগৰৰ উচ্চতা বৃদ্ধি আৰু খহনীয়াই তেওলোকৰ ভূমি বিনষ্ট কৰাৰ বাবে সদায় শংকা-অনিশ্চয়তাত কটাবলগীয়া হৈছে। বাংলাদেশত প্ৰতি বছৰে প্ৰায় ২৬,০০০ পৰিয়ালে পাৰিপাৰ্শ্বিকতাজনিত খহনীয়াৰ ফলত ঘৰ-বাৰী হেৰুৱাবলগীয়া হৈছে। প্ৰায় ৪ নিযুততকৈও অধিক লোক বাস কৰা চৰসমূহ বিশেষকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে। সাগৰৰ উচ্চতা বৃদ্ধি আৰু ধুমুহাই  সৃষ্টি কৰা খহনীয়াই পাৰিপাৰ্শ্বিকতাৰ নিৰন্তৰ পৰিৱৰ্তন ঘটাইছে। চৰ সমূহ প্ৰতিবছৰে অৱলুপ্তি ঘটিছে আৰু একোটা নতুন চৰৰ সৃষ্টি হৈছে তথা হেজাৰ হেজাৰ লোক তালৈ ঢাপলি মেলিছে।

শেহতীয়া কেইবছৰত নদীৰ খহনীয়াত ৫০,০০০ ৰপৰা ২০০,০০০ লোক স্থানান্তৰিত হ’বলগীয়া হৈছে। ৰাস্তা-ঘাট, খোৱাপানীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। দুদৰ্শাগ্ৰস্ত লোকসকলৰ প্ৰতি সঁহাৰি জনাই চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে তেওলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তেওলোকে ৰাষ্টা নিৰ্মাণৰ লগতে অন্যান্য আন্তঃগাথঁনি তৈয়াৰ কৰিছে আৰু শিক্ষা আগবঢ়োৱাৰ লগতে ক্ষুদ্ৰ ঋণ তথা ভূমিস্বত্ত্ব প্ৰদান কৰিছে।

ঘৰ আৰু ভূমি লাভ কৰি ভগনীয়া পৰিয়ালবোৰে সকাহ পাইছে। অনাগত দশকবোৰত সাগৰ পৃষ্ঠ বাঢ়ি অহাৰ বাবে এনেধৰণৰ ভগনীয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আ শংকা আছে।

Related News