NORTHEAST NOW (Assamese)
অসম

পৰ্যটনৰ গুৰুত্ব বঢ়াবলৈ দীপৰ বিলক ‘স্মাৰ্ট চিটী’ত অন্তৰ্ভুক্ত কৰা হৈছে : মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ February 11, 2018 8:06 pm

‘দীপৰ বিল আমাৰ জাতীয় সম্পদ। এই বিলৰ ঐতিহ্য আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিব লাগিব। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যতা অক্ষুণ্ণ ৰখা আৰু ইয়াক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ‘স্মাৰ্ট চিটী’ প্ৰকল্পত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সুকীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব যাতে এই বিলৰ সংৰক্ষণৰ লগতে দেশা-বিদেশী পৰ্যটক সকলৰ বাবে ই এক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে পৰিণত হয়।’ আজি দীপৰ বিল মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘গুৱাহাটীৰ ঐতিহ্যৰ সৈতে দীপৰ বিলৰ এক নিবিড় সম্পৰ্ক আছে। সেইবাবে দীপৰ বিলৰ নিৰ্মল বাতাবৰণ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এই বিলৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ এক মহান কৰ্তব্য আছে।’

প্ৰকৃতিৰ সৌন্দৰ্যই মানৱীয় চেতনা জাগ্ৰত কৰি মানুহক মহান কাম কৰি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগায়। সেয়েহে আমাৰ মহান মনীষী সকলেও প্ৰাকৃতিক সংৰক্ষণৰ হকে জনসাধাৰণক আহ্বান জনাইছিল বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বক্তব্য প্ৰদান কৰে।

আনহাতে হাইড্ৰ কাৰ্বনৰ অধ্যক্ষ পোনাকণ বৰুৱা, মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্মৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি আজিৰ সামৰণি অনুষ্ঠানটোত উপস্থিত আছিল।