NORTHEAST NOW (Assamese)
ক্ৰীড়া

পৰৱৰ্তী অলিম্পিকলৈকে বিশ্বেশ্বৰ নন্দিয়ে প্ৰশিক্ষণ দিব দীপা কৰ্মকাৰক

Posted by: এন ই নাও নিউজ December 30, 2017 4:43 pm

২০১৬ চনৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা যিম্নাস্ত দীপা কৰ্মকাৰৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দিৰ কাৰ্য্যকাল পৰৱৰ্তী অলিম্পিকলৈকে বঢ়াই দিয়া হৈছে।

শুক্ৰবাৰে ত্ৰিপুৰাৰ অসামৰিক সচিবালয়ত অনুষ্ঠিত কেবিনেট মিটিঙৰ পিছতে সাংবাদিকক এই কথা জানিবলৈ দি তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ভানুলাল সাহাই কয় ‘ যিহেতু বিশ্বেশ্বৰ নন্দিয়ে বৰ্তমান দীপা কৰ্মকাৰক প্ৰশিক্ষণ দি আছে সেয়ে চৰকাৰে তেওঁৰ কাৰ্যকালৰ সময় বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে। প্ৰথমতে আমি তেওঁৰ কাৰ্যকাল আৰু এবছৰৰ বাবে বঢ়াই দিছিলো কিন্তু এতিয়া আমি তেওঁক দীপায়ে আগন্তক অলিম্পিকত অংশ লোৱা লৈকে কাৰ্যভাৰত ৰাখিম’।

উল্লেখযোগ্য যে অলিম্পিক খেলত ভাগ লোৱা দীপা কৰ্মকাৰেই প্ৰথম ভাৰতীয় মহিলা যিম্ন্যাষ্ট। তেওঁ ২০১৬ৰ ৰিঅ’ অলিম্পিকত মহিলাৰ ভল্ট যিম্নাস্তিকছত চতুৰ্থ স্থান অধিকাৰ কৰিছিল।

অলিম্পিকত দীপাৰ উক্ত প্ৰদৰ্শনৰ পিছতেই প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দিক ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ পৰা উপ সঞ্চালকলৈ পদোন্নিত কৰা হৈছিল। ইয়াৰ উপৰি তেওঁক দ্ৰোনাচাৰ্য সন্মানেৰেও সন্মানিত কৰা হৈছিল।