NORTHEAST NOW (Assamese)

ফেচবুকত এন আৰ চিক লৈ বিতৰ্কিত মন্তব্যৰ বাবে হাইলাকান্দিত গ্ৰেপ্তাৰ যুৱক

July 27, 2018 11:13 am · এন ই নাও নিউজ

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে এন আৰ চি কৰ্তৃপক্ষ ব্যস্ত হৈ থকাৰ সময়তে একাংশ লোকে ছচিয়েল মিডিয়াৰ জৰিয়তে বিতৰ্কিত মন্তব্য কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰি আছে।

এইবাৰ ফেচবুকত  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজক লৈ বিতৰ্কিত মন্তব্য কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ হ’ল এজন যুৱক। বিনা কাৰণত এন আৰ চিৰ খচৰাত বঙালী লোকৰ নাম বাদ দিয়াৰ নিৰ্দেশ দিয়া হৈছে বুলি ফেচবুকত মন্তব্য কৰিছিল হাইলাকান্দিৰ যুৱক ছাবিৰ শ্বাহে।

বৃহস্পতিবাৰে হাইলাকান্দি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। হাইলাকান্দি আৰক্ষী অধীক্ষক মনীষ মিশ্ৰই কয়, ‘ধৃত ছাবিৰ শ্বাহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আই টি আইনৰ ১৮০/১৮ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

ধৃত ছাবিৰ শ্বাহ নামৰ যুৱকজন আলগাপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ অস্থায়ী কৰ্মী। আলগাপুৰ সমষ্টিৰ মোহনপুৰ অঞ্চলৰ বাসিন্দা ছাবিৰ শ্বাহ।

আনহাতে, এন আৰ চি বিষয়কলৈ যাতে কোনো দুষ্টচক্ৰই অযথা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে।

Related News