NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ফৰাচী সাহিত্যিক এনি এৰ্ন’ক্সলৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 6, 2022 5:48 pm
2022 Nobel Prize For Literature

চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম ঘোষণাৰ পিছত আজি ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ সাহিত্যৰ নোবেল বিজয়ীৰ নাম। এই বৰ্ষৰ এই সন্মানীয় বঁটাটি আগবঢ়োৱা হৈছে ফৰাচী সাহিত্যিক এনি এৰ্ন’ক্সলৈ।

সাহিত্যিক গৰাকীৰ নাম ঘোষণা কৰি চুইডিছ একাডেমীয়ে এক বিবৃতিত কয়, “এৰ্ন’ক্সে তেওঁৰ সাহিত্যত ধাৰাবাহিকভাৱে আৰু বিভিন্ন দিশৰ পৰা লিংগ, ভাষা আৰু শ্ৰেণী সম্পৰ্কীয় বৈষম্যৰ দ্বাৰা চিহ্নিত মানৱ জীৱনৰ পৰীক্ষণ কৰে।”

নোবেল বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা হোৱাৰ পাছতে চুইডিছ টেলিভিচনৰ সৈতে এক সাক্ষাৎকাৰত এৰ্ন’ক্সে এয়া এক মহান সন্মান বুলি অভিহিত কৰাৰ লগতে এই সন্মানে তেওঁৰ দায়িত্ব বঢ়োৱা বুলিও মন্তব্য কৰে।

এৰ্ন’ক্সৰ ২০ খনতকৈও অধিক গ্ৰন্থ বিগত কেইবা দশক ধৰি ফৰাচী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ আহিছে। এই সাহিত্যসমূহে মূলত: আধুনিক ফ্ৰান্সৰ সামাজিক পৰিস্থিতিৰ এক অতি সুক্ষ্ম আৰু বিশদ বিৱৰণ আগবঢ়ায়।

উল্লেখ্য যে এৰ্ন’ক্সৰ পূৰ্বে ২০২১ চনত সাহিত্যৰ নোবেল বঁটা আগঢ়োৱা হৈছিল তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰজাক গুৰ্নাহলৈ।

ইতিপূৰ্বে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ৰয়েল চুইডিছ একাডেমী অফ চাইন্সে বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনম সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে সোমবাৰে স্বান্তে পাব’লৈ ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়াইছিল।

সেইদৰে বুধবাৰে ক্লিক কেমিষ্ট্ৰী আৰু জৈৱ-অৰ্থোগোনেল ৰসায়নৰ বিকাশৰ বাবে কেৰোলিন আৰ. বেৰ্টজি, মৰ্টেন মেলডাল আৰু কাৰ্ল বেৰী শ্বাৰ্পলেছলৈ ৰসায়ন বিজ্ঞানৰ ২০২২ চনৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

ইফালে, কোৱাণ্টাম পদাৰ্থ বিজ্ঞানত কৰা গৱেষণাৰ বাবে এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰক ২০২২ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ৰূপে ঘোষণা কৰা হৈছিল।