NORTHEAST NOW (Assamese)
অসম

বকোত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গণস্বাক্ষৰ সংগ্ৰহ অগপ-অসম যুৱ পৰিষদৰ

Posted by: এন ই নাও নিউজ May 22, 2018 4:31 pm
signature collection by agp against citizenship bill at boko assam

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব আইন সংশোধনৰ বাবে বিজেপি চৰকাৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ( Citizenship Amendment Bill )ৰ বিৰুদ্ধে অসম গণ পৰিষদ আৰু অসম যুৱ পৰিষদৰ বকো বিধান সভা সমষ্টি সমিতিয়ে আজি ২২ মে’ত বকো বজাৰত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

গণ স্বাক্ষৰ অভিযানত বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ বকো আঞ্চলিক সমিতিয়েও সহযোগিতা আগবঢ়ায়। আজিৰ গণ স্বাক্ষৰ কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলাৰ অগপ সভাপতি জ্যোতিপ্ৰসাদ দাস, অগপ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সদস্য কৰ্ণভূষণ ৰাভা, বকো সাহিত্য সভাৰ সম্পাদক সুৰেণ চন্দ্ৰ কলিতা, অগপ দলৰ বকো বিধান সভা সমষ্টি সমিতিৰ সম্পাদক পৰাণজ্যোতি দাস, যুৱ পৰিষদৰ সভাপতি জগত চন্দ্ৰ দাস, সম্পাদক ভূপেন পাটোৱাৰী, বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সহঃ সম্পাদিকা মৌচুমী কলিতা বড়ো উপস্থিত আছিল।