NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ মাণিকপুৰত এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ধনৰ বেগ

Posted by: ইয়াছিন আলী May 4, 2018 7:32 pm

আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ প্ৰায় ২-১০ বজাত সংঘটিত হয় ডকাইতি কাণ্ড।

উল্লেখযোগ্য যে বন্ধন বেংকৰ সুনিতা মণ্ডল নামৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে পালেংবাৰীৰ কেইবাটাও বন্ধন গোটৰ পৰা প্ৰায় ১,২০,০০০ টকা সংগ্ৰহ কৰি মানিকপুৰত থকা বন্ধন বেংকৰ কাৰ্য্যালয়লৈ চাইকেলেৰে আহি আছিল।

তেনে অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবিলাত ক’লা ৰঙৰ দুখন পালচাৰ বাইকত অহা মাক্স পিন্ধা চাৰিজন দুৰ্বৃত্তই মহিলাগৰাকীক আগচি ধৰি মহিলা গৰাকীৰ বেগটো কাঢ়ি লৈ দুৰ্বৃত্তৰ দলটো উধাও হয়।

ঘটনা সম্পৰ্কত জানিব পাৰি মানিকপুৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে। এনেদৰে দিন-দুপৰতে এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তৰ দলে টকা কাঢ়ি নিয়া কাৰ্যক তীব্ৰ গৰিহণা দিছে অঞ্চলটোৰ সচেতন মহলে।