NORTHEAST NOW (Assamese)

বঙাইগাঁৱত ‘ন’ হেলমে’ট, ন’ পে’ট্ৰল নীতি’; কঠোৰ নিৰ্দেশনা উপায়ুক্তৰ

July 7, 2018 7:44 pm · এন ই নাও নিউজ
Updated: July 7, 2018 10:18 pm

হেলমে’ট নিপিন্ধা মটৰচাইকেলাৰোহীয়ে পে’ট্ৰল নাপাব বঙাইগাঁৱৰ পে’ট্ৰল ডিপ’ত। জিলাজুৰি প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই।

‘ন’ হেলমে’ট ন’ পে’ট্ৰল নীতি’ৰ বাবে জিলাৰ সকলো পে’ট্ৰল ডিপ’ক নিৰ্দেশ দিয়াৰ উপৰি ৰাষ্টাত হেলমে’ট নিপিন্ধা দুচকীয়া মটৰাৰোহীৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

উপায়ুক্তজনে জাৰি কৰা এই নিৰ্দেশনাক বিভিন্ন ব্যক্তি, দল, সংগঠনৰ লগতে বঙাইগাওঁ প্ৰে’ছ ক্লাবে আদৰণি জনাইছে ৷

উল্লেখযোগ্য যে বৃহত্তৰ বঙাইগাওঁ প্ৰে’ছ ক্লাবৰ উদ্যোগত তথা বঙাইগাওঁ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত যোৱা ২৩ জুনত ‘পথ দুৰ্ঘটনা, ইয়াৰ কাৰণ আৰু দুৰ্ঘটনা প্ৰতিৰোধ’ শীৰ্ষক এক ‘চিন্তন সভা’ত জিলাখনৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি ৰাইজৰ মতামত লোৱা হৈছিল৷

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাওঁ জিলাতো পথ দুৰ্ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। মূৰত আঘাত পোৱাৰ বাবেই বেছিভাগ ক্ষেত্ৰত দুৰ্ঘটনাগ্ৰস্তসকলৰ মৃত্যু হয়৷

Related News