NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ যোগীঘোপাত কয়লা ব্যৱসায়ীক গুলী চালনা দুৰ্বৃত্তৰ

Posted by: এন ই নাও নিউজ February 4, 2018 9:51 am
GUNSHOT

শনিবাৰে নিশা বঙাইগাঁৱৰ যোগীঘোপাত আজমল হক নামৰ এজন কয়লা ব্যৱসায়ীক এটা দুৰ্বৃত্তৰ দলে গুলী চালনা কৰি আহত কৰে। জানিব পৰা মতে শনিবাৰে ৩১(খ) নং ঘাইপথৰ আই চি আই চি আই বেংকৰ সমীপত দুৰ্বৃত্তই হকক পিঠিত গুলীয়াই আহত কৰিছিল।

গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা মটৰচাইকেলেৰে পলাই যাবলৈ সক্ষম হয়।

আনহাতে আজমলৰ পৰিয়ালৰ লোকে নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে আজমলক গুলীওৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে ৬ ফেব্ৰুৱাৰীত যোগীঘোপা ৰে’লৱে ঠিকাদাৰ শ্ৰমিক সন্থাৰ নিৰ্বাচনত সভাপতি পদত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিল আজমল হক নামৰ কয়লা ব্যৱসায়ীজন।

শনিবাৰে পুৱা বাবু শৰ্মা আৰু অহেদুল হক নামৰ দুজন লোকে আজমলক ভাবুকি দিয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে গুলীচালনাৰ ঘটনাৰ তেওঁলোকে জড়িত থকা বুলি সন্দেহ কৰিছে। বৰ্তমান আজমল হকক নেমকেয়াৰ হাস্পতালত চিকিৎসাজনিত কাৰণত ৰখা হৈছে বুলি জানিব পৰা গৈছে।