NORTHEAST NOW (Assamese)
অসম

বজালীত নৃশংস হত্যাকাণ্ড : জ্যেষ্ঠ ভাতৃৰ হাতত নিহত কনিষ্ঠ ভাতৃ

Posted by: শশাংক তালুকদাৰ June 21, 2018 7:39 am
বজালী হত্যাকাণ্ড

বজালী মহকুমাৰ ডুমুৰীয়া গাওঁ পঞ্চায়তৰ অধীনস্থ তথা পাঠশালা আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি ডুমুৰীয়া চুপাত বুধবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বজালী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সন্মুখত থকা পুৰণি ডুমুৰীয়া চুপাত বুধবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত ৰবীন কলিতা নামৰ ব্যক্তিগৰাকীৰ ২৮ বছৰীয়া জ্যেষ্ঠ পুত্ৰ খৰ্গেশ্বৰ কলিতাই কনিষ্ঠ ভাতৃ ২২ বছৰীয়া দিগন্ত কলিতাৰ সতে ঘৰুৱা কন্দলত লিপ্ত হয়।

এই কন্দল লাহে লাহে বাঢ়ি গৈ এনে ৰূপ ধাৰণ কৰে যে পেচাত গাড়ীচালক খৰ্গেশ্বৰ কলিতাই চোকা অস্ত্ৰৰে কনিষ্ঠ ভাতৃ দিগন্ত কলিতাক আক্ৰমণ কৰি ডিঙি আৰু হাতত কাটি দুচেৱা কৰে। এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে দিগন্ত কলিতাৰ মৃত্যু হয়।

এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি ভাতৃ ঘাতক খৰ্গেশ্বৰ কলিতাই পলায়ন কৰে যদিও পিছত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি ঘাতক খৰ্গেশ্বৰক পাঠশালা আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে।