NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱাৰ ধনিয়াভেটিত হস্তনিৰ্মিত পিষ্টলসহ এজন লোকক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ May 30, 2018 12:25 pm
Handcuff-India-min-570x320

মঙলবাৰে নিশা বটদ্ৰৱা আৰু জুৰীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনিয়াভেটিৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন আব্দুল কাদিৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে মঙলবাৰে নিশা বটদ্ৰৱা আৰু জুৰীয়া আৰক্ষীয়ে উক্ত অঞ্চলত এই অভিযান চলায়। আৰু এই অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে ধৃত লোকজনৰ সৈতে পিষ্টলটো জব্দ কৰে।

জানিব পৰা মতে আৰক্ষীয়ে ধৃত লোকজনক নিজৰ জিন্মাত ৰাখি অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে। ইফালে ধৃত লোকজন কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

লক্ষ্যণীয় যে আটক কৰা লোকজনৰ ওচৰত কেনেদৰে এটা পিষ্টল আহিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত বা লোকজন কোনো সংগঠনৰ সক্ৰিয় সদস্য নেকি সেয়া সকলো পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ অন্তত।