NORTHEAST NOW (Assamese)
অসম

বনগাহৰিয়ে হত্যা কৰি ভক্ষণ কৰিলে মহিলাক

Posted by: এন ই নাও নিউজ December 24, 2017 4:10 pm
বনগাহৰিয়ে হত্যা কৰি ভক্ষণ কৰিলে মহিলাক

যোৱা ১৪ ডিচেম্বৰত ওদালগুৰিৰ খলিংদুৱাৰ অঞ্চলত বনৰীয়া গাহৰিৰ আক্ৰমণত এটি কেঁচুৱাৰ মৃত্যু হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত হৈছিল। এইবাৰ তাতকৈও এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বনগাহৰিৰ দ্বাৰা। জানিব পৰা মতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ককিলাবাৰী ফাৰ্মত কালি আবেলি বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। সূত্ৰটোৱে জনোৱা মতে মহিলাগৰাকীয়ে ককিলাবাৰীৰ কেন্দ্ৰীয় কৃষি পামৰ উল্টাইখুন্দা দাৰাপাৰত শাক বুটলি থকা অৱস্থাতে হঠাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনগাহৰিয়ে আক্ৰমণ কৰে। মহিলাগৰাকীৰ সৈতে তেওঁৰ ১০ বছৰীয়া নাতিনীজনীও আছিল। নাতিনীজনী যেনেতেনে দৌৰি সাৰে যদিও মহিলাগৰাকীক বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰি হত্যা কৰে আৰু শৰীৰ ছিন্ন-ভিন্ন কৰি পেলায়। নিহত মহিলাগৰাকীৰ নাম গংগা বড়ো আৰু তেওঁৰ ঘৰ বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত বাৰগাঁৱত।