NORTHEAST NOW (Assamese)
অসম

বনাঞ্চল বৃদ্ধি কৰাৰ উদ্দেশ্যে বন বিভাগে ৰোপণ কৰিব গছপুলি

Posted by: এন ই নাও নিউজ April 5, 2018 3:05 pm
pramilarani brahma

বুধবাৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি অসমৰ বনাঞ্চল সুৰক্ষা সম্পৰ্কত বিভিন্ন মত ব্যক্ত কৰে। উল্লেখ্য যে আজি কিছুদিন আগতে ফৰেষ্ট চাৰ্ভে অব ইণ্ডিয়াই অসমৰ বনাঞ্চল বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্য সন্দৰ্ভতো ব্ৰহ্মই নিজৰ মত দাঙি ধৰে।

বন মন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত কয় ‘তেওঁলোকে প্ৰকাশ কৰা তথ্য অনুসৰি বনাঞ্চলৰ পৰিমাণ ৫৬৭ বৰ্গ কিল’মিটাৰ বৃদ্ধি পোৱাটো আমাৰ বাবে তথা প্ৰকৃতিপ্ৰেমীৰ বাবে গৌৰবৰ কথা। সেয়েহে আমি তেওঁলোকৰ তথ্যৰ পৰা অনুপ্ৰাণিত হৈ সামাজিকভাবে বনানীকৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো।‘

ইয়াৰোপৰি, উক্ত সংবাদ মেলযোগে আগন্তুক সময়ছোৱাত কেনেধৰণে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব সেই সন্দৰ্ভতো কিছু কথা সদৰী কৰে।

ইয়াৰ উপৰি তেওঁ কয় ‘আৰ্থিকভাবে অনগ্ৰসৰ অনুসুচিত জাতি-জনজাতিৰ লোকসকলক আৰ্থিকভাবে স্বচ্ছল কৰাৰ উদ্দেশ্যে তেওঁলোকক অগৰ, চন্দন আৰু মেহগুনি আদি মূল্যবান গছৰ পুলি ৰোপণ কৰাৰ বাবে প্ৰদান কৰা হ’ব। বজাৰত এই মূল্যবান গছসমূহৰ মূল্য বহুগুণে বেছি, সেয়ে এই গছসমূহ ভবিষ্যতে বিক্ৰী কৰি তাৰ পৰা লাভ কৰা ধনেৰে তেওঁলোকে কিছু পৰিমানে সকাহ পাব’।

তাৎপৰ্য্যপূৰ্ণভাবে মঙলবাৰে ঘোষিত হোৱা ৯০ গৰাকী গঁড় সুৰক্ষা বাহিনীৰ সেনাক বিশেষভাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সংহাদমেল যোগে ঘোষণা কৰে। ইয়াৰ উপৰি তেওঁলোকে ৪০ বছৰ বয়সলৈকে সেই পদত কৰ্মৰত হৈ থাকিব পাৰিব বুলিও উল্লেখ কৰে।