NORTHEAST NOW (Assamese)

বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে নগাওঁবাসীৰ

November 24, 2017 9:23 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
ফাইল ফটো।

বন বিভাগৰ অকৰ্মণ্যতা-অচেতনাৰ বাবে যিদৰে বনৰীয়া হাতী ইটোৰ পিছত সিটোৰ মৃত্যু হৈছে, সেইদৰে বনৰীয়া হাতীৰ উৎপাতত মানুহৰ টোপনি হৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি মানুহৰ বসতি ভূমিত বিচৰণ কৰা বনৰীয়া হাতীৰ তাণ্ডৱে অতিষ্ঠ কৰি তুলিছে নগাওঁবাসীক। নগাওঁ জিলাৰ বিভিন্ন অঞ্চলত প্ৰায় প্ৰতিটো নিশাই হাতীয়ে উপদ্ৰৱ চলোৱা বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিছে। নগাওঁ জিলাৰ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ অঞ্চলৰ কৃষক ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা সুৰক্ষা দিবলৈ বন বিভাগক বাৰে বাৰে জনাই আছে যদিও বন বিভাগে উপযুক্ত ব্যৱস্থা ল’ব পৰা নাই। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে নষ্ট কৰি পেলাইছে বহু কৃষকৰ সপোনৰ সোণোৱালী ধাননি। নগাওঁত  শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়কে ধৰি অন্য বহু কেইটা বন বিভাগৰ কাৰ্য্যালয় আছে বিষয়া-কৰ্মচাৰী সকলে উপযুক্ত কাৰ্য্যব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। খবৰমতে নিশা শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম নিকটৱৰ্তী জলাহগাঁৱত বনৰীয়া হাতীৰ প্ৰায় ৭০-৮০জনীয়া এটা দলে ওৰে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰে  আৰু জলাহগাঁৱৰ পথাৰত কৃষকৰ প্ৰায় ৫০ বিঘা কৃষিভূমি তহিলং কৰে। লগতে মানুহৰ ঘৰ-দুৱাৰ, বাৰীৰ গছ-গছনিও ভাঙি এক ধ্বংস কৰে। পিছত অৱশ্যে স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বন্যহস্তী খেদাৰ ব্যৱস্থা কৰে।

Related News