NORTHEAST NOW (Assamese)
অসম

বলীউদৰ পিছত তামিল চলচ্চিত্ৰ উদ্যোগ কলীউদতো অসমৰ হিমাৰ জয়গান

Posted by: এন ই নাও নিউজ July 20, 2018 12:14 pm
Hima-Das_facebook-570x320

দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য অসমৰ হিমা দাসে কেৱল বলীউদৰ তাৰকাসকলৰ অভিনন্দন লাভ কৰাই নহয়, তামিল চলচ্চিত্ৰ উদ্যোগ-কলীউদৰ তাৰকাসকলেও ট্ৰেকৰ স্বৰ্ণৰাণীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।

অসমৰ নগাঁও জিলাৰ এখন ভিতৰুৱা গাঁৱৰ বিস্ময় কন্যা হিমাই অলপতে ফিনলেণ্ডৰ টামপেৰেত অনুষ্ঠিত বিশ অনুৰ্দ্ধৰ বিশ্ব জুনিয়ৰ এথলেটিকছৰ ৪০০ মিটাৰত স্বৰ্ণ জয়েৰে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদেশৰ ট্ৰেকত স্বৰ্ণ জয় কৰা তেওঁৱেই হৈছে একমাত্ৰ ভাৰতীয়।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি টামপেৰেৰ ট্ৰেকত ইতিহাস সৃষ্টি কৰাৰ পিছৰে পৰা অবিৰত শুভাশিস লাভ কৰি অহা হিমাক মাইক্ৰ’ ব্লগিং ছাইটত কলীউদৰ বহুতেই আশিস বৰ্ষণ কৰিছে।

shraddha-pic
হিমাৰ প্ৰশংসাত পঞ্চমুখ বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ। ফটো: প্ৰিয়াডিভাৰকাৰ ডটকমৰ সৌজন্যত।

অভিনেত্রী সুৰিয়াই তেওঁৰ প’ষ্টত লিখিছে, ‘’তুমি কি এক যুঁজাৰু, কি এক অনুপ্ৰেৰণা… !! ইতিহাস সৃষ্টিৰ বাবে অভিনন্দন !! গৌৰৱান্বিত !! ভগৱানে আশীৰ্বাদ কৰক !!’’

মালবিকা অভিনাশ- চকু মেলি চোৱা ! যিসকলে যুৱ কালত জটিলতাৰ অভিযোগ কৰে, সা-সুবিধাৰ অভাৱৰ কথা কয়, তেওঁলোকৰ জীৱন যাত্ৰাৰ কথা… আমাৰ ৰাষ্ট্ৰৰ নতুন তাৰকাগৰাকীলৈ চোৱা যাৰ জীৱন দৰ্শনে দেখুৱাইছে তেওঁ কিয় স্বৰ্ণ জয় কৰিব পাৰিছে ! # স্বৰ্ণ কন্যা # হিমা দাস।‘’

অভিনেতা মোহনলালে লিখিছে- বিশ্ব চেম্পিয়নশ্বিপৰ ট্ৰেক ইভেন্টত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে হিমা দাসলৈ অভিনন্দন। তুমি আমাক সকলোকে গৌৰৱান্বিত কৰিছা।

আনহাতে, আৰ্যই লিখিছে- আহিবলগীয়া বহু ভৱিষ্যতৰ এয়া আৰম্ভণি। হিমা দাস আমি সকলোৱে তোমাক লৈ গৌৰৱান্বিত। অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড ইভেন্টলৈ ভাৰতৰ বাবে লক্ষ্য ৰাখা। হিমা দাস তুমি প্ৰকৃততে আমাৰ বিশ্বাস প্ৰতিষ্ঠা কৰিছা। গৌৰৱৰ মুহূৰ্ত।

কলীউদৰ সংগীত জগতৰ তাৰকাৰ পৰাও হিমাৰ বাবে এনেকুৱা অলেখ বাৰ্তা আছে। সোনকালেই নিৰ্মাণ হ’বলগীয়া ছাইনা নেহৱালৰ জীৱনভিত্তিক চলচ্চিত্ৰত মূখ্য ভূমিকাত অভিনয় কৰইবলৈ সাজু হোৱা বলীউদ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও তেওঁৰ ছচিয়েল মিডিয়াৰ পেজত হিমাক অভিনন্দন জনাইছে। শ্ৰদ্ধাই লিখিছে, ‘’ তোমাৰ প্ৰকৃততে প্ৰাপ্য স্বৰ্ণ পদকৰ বাবে অভিনন্দন ! হিমা দাস, তোমাৰ সফলতাৰ কাহিনীয়ে বহুতো যুৱতী-মহিলাক সীমাৰ বাহিৰলৈ ওলাই অহাৰ বাবে প্ৰেৰণা যোগাব। আজি মই তেওঁলোকৰ মাজৰ এজন !