NORTHEAST NOW (Assamese)
অসম

বাঁহজানীত গুৱাহাটীত কৰ্মৰত যুৱকৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ March 12, 2018 11:48 am
1501827475

নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ ক্ষুদ্ৰশংকৰা গাঁওৰ পূৱ- বৰভগীয়াতলা চুবুৰীৰ ডিম্বেশ্বৰ ডেকা(৪৪)নামৰ এজন যুৱকে আত্মহত্যা কৰে ।

জানিৱ পৰা মতে গুৱাহাটীৰ এক ব্যাক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনে শনিবাৰে নিশা গুৱাহাটীৰ পৰা নিজ ঘৰলৈ আহিছিল। পিছত তেওঁ ঘৰৰ সন্মুখতে থকা এখন পথাৰত আত্মহত্যাৰ পথ বাচি লয় ।

আত্মহত্যা কৰা ডিম্বেশ্বৰ ডেকা পূব বৰভগীয়াতলাৰ প্ৰয়াত সৃষ্টিৰাম ডেকাৰ কনিষ্ঠ পুত্ৰ।

ঘৰুৱা পাৰিৱাৰিক কন্দলৰ ফলতে আত্মহত্যা কৰা বুলি যুৱকজনে আত্মহত্যাৰ টোকা এটা লিখি থৈ গৈছে।

দেওবাৰে পুৱা ঘটনাটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে আৰক্ষীক খৱৰ দিয়ে।

ইতিমধ্যে ঘটনাস্থলীৰ পৰা নলবাৰী আৰক্ষীয়ে মূতদেহটো মৰণোওৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অ-সামৰিক চিকৎসালয়লৈ প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত মৃতদেহটো পৰিয়ালক চমজাই দিয়ে।

কি কাৰণে যুৱকজনে আত্মহত্যাৰ পথ বাচি ল’লে সেই বিষয়ে অৱশ্যে জানিব পৰা হোৱা নাই।