NORTHEAST NOW (Assamese)
অসম

বাইচুঙৰ ৰাজনীতিত যোগদানৰ সিদ্ধান্তক আদৰণি ছিকিম গণতান্ত্ৰিক মৰ্চাৰ

Posted by: এন ই নাও নিউজ February 19, 2018 12:02 pm
Bhaichung-Bhutia-570x320

ছিকিমৰ শাসকীয় দল ছিকিম গণতান্ত্ৰিক মৰ্চাই ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই ৰাজনীতিৰ যোগদানৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে।

ৰাজনীতিত যোগদানৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰ্চাৰ নেতা তথা ৰাজ্যৰ বন মন্ত্ৰী শ্বেৰিং ৱাংডি লেপ্চাই কয় যে ‘’ ছিকিমৰ এগৰাকী নাগৰিক হিচাপে মই তেওঁক আৰু তেওঁৰ নতুন দলটোক আদৰণি জনাইছো। মই আশা কৰিছো তেওঁ মাত্ৰ মমতা বেনাৰ্জীৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হোৱাতকৈ ছিকিমৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে তথা তেওঁলোকৰ বাবে ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিব।‘’

‘’বাইচুং হৈছে ছিকিমৰ সন্তান আৰু তেওঁৰ ক্ৰীড়া নৈপুণ্যই ছিকিমৰ লগতে দেশখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। আমি তেওঁকলৈ অত্যন্ত গৌৰৱান্বিত। ছিকিমৰ জনসাধাৰণৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁলোকে এই নতুন পৰিস্থিতিটোৰ প্ৰতি সজাগ হওক আৰু এই ঘটনা প্ৰবাহৰ ওপৰত দৃষ্টি ৰাখক যিটো ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখন অস্থিৰ কৰাৰ কৌশলো হ’ব পাৰে,’’-মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

বাইচুং সম্পৰ্কত ছচিয়েল মিডিয়াত কৰা প’ষ্টটোৰ বিষয়ে যোগাযোগ কৰাত বনমন্ত্ৰীগৰাকীয়ে সেয়া নিশ্চিত কৰিছে।‘’আমি ছিকিমৰ ৰাজনীতিত বাইচুঙক আদৰণি জনাইছো কিন্তু এইটো স্থানীয় বা আঞ্চলিক দল হ’বই লাগিব।‘’

‘’আমি আন ৰাজনৈতিক দলক আমাৰ শান্তিপূৰ্ণ ৰাজ্যখনত তেওঁলোকৰ শিপা বৃদ্ধি কৰিব দিব নিবিচাৰো। আমি ছিকিমৰ ভিতৰতে ছিকিমীৰ মাজত প্ৰতিদ্বন্দ্বিতা বিচাৰো,’’- শ্বেৰিং ৱাংডিয়ে কয়।

যোৱা ২৮ জানুৱাৰীত ছিকিম এক্সপ্ৰেছে বাতৰি পৰিৱেশন কৰিছিল যে বাইচুঙে বংগৰ ৰাজনীতি ত্যাগ কৰি শীঘ্ৰেই গৃহ ৰাজ্য ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰিব।

২০১৪ চনত বাইচুঙে দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুড়ি বিধানসভা সমষ্টিৰ পৰা পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।