NORTHEAST NOW (Assamese)

বাক্সাৰ তামুলপুৰৰ গয়াবাৰীত পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

July 8, 2018 10:59 am · এন ই নাও নিউজ

ৰাজ্যখনত প্ৰতিনিয়ত হাতী-মানুহৰ সংঘাতৰ বাতৰি প্ৰকাশ পাই অহাৰ সময়তে পুনৰ কালি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে। বাক্সাৰ ভাৰত -ভূটান সীমান্তৰ তামুলপুৰ মহকুমাৰ ৩নং গয়বাৰীত এই ঘটনা সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে  বিগত কেইবাদিনো ধৰি বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে ত্ৰাস চলাই আহিছে। অঞ্চলটোত এতিয়াও ৭০-৮০টা হাতীৰ এটা জাকে বিচৰণ কৰি আছে।

জানিব পৰা মতে কিছুদিন পূৰ্বে খাদ্যৰ সন্ধানত পোৱালিসহ পাহাৰৰ পৰা নামি অহা এটা হাতীৰ এটি জাকে নাগ্ৰীজুলি চাহ বাগিচা আৰু বৰনদীৰ পাৰত নিশা বিভিন্ন গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে নিশা এটা হাতীৰ বিশাল জাক চাহ বাগিচা খনৰ ৭ নম্বৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি ধৰম পান্না নামৰ শ্ৰমিক জনৰ পকী ঘৰ এটা সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু ঘৰৰ ভিতৰত থকা বহু পৰিমানৰ ধান, চাউল, আটা আদিকে ধৰি বিভিন্ন সামগ্রী সমূহ ভক্ষণ কৰে।

তদুপৰি হাতীৰ জাকটোৱে ধৰম পান্নাৰ ঘৰৰ ভিতৰত থকা বহু মূল্যৱান আচবাব আদিও ভাঙি পেলায়। ধৰম পান্নাৰ উপৰিও আন কেইবাটাও শ্ৰমিকৰ ঘৰৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে।

আনহাতে, বনৰীয়া হাতীৰ জাকটোৱে ২ নম্বৰ ডোঙৰগাঁও আৰু অৰঙাজুলি গাওঁটো প্ৰৱেশ কৰিব চেষ্টা চলায় যদিও ৰাইজে জুই জ্বলাই, টিন, কাঁহী-বাতি বজাই, ফটকা ফুটাই হাতীৰ জাকটোক গ্ৰামাঞ্চলত প্ৰবেশ কৰাত বাধা দিয়ে। ইপিনে খাদ্যৰ অভাৱত থকা হাতীৰ জাকটোৱে গ্ৰামাঞ্চলত প্ৰৱেশ কৰাত বাধা পাই তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে।

উল্লেখযোগ্য যে ৪ জুলাইৰ নিশাও নাগ্রীজুলি চাহ বাগিচাৰ ৬ নম্বৰ শ্ৰমিক লাইন আৰু ৮ নম্বৰ শ্ৰমিক লাইনৰ লগতে ২ নং ডোংৰগাঁৱত হাতীৰ জাকে প্ৰৱেশ কৰি ৭ টাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড ভণ্ড কৰাৰ উপৰি দুখনকৈ দোকান ভাঙি চুড়মাৰ কৰিছিল।

Related News