NORTHEAST NOW (Assamese)

বিজয় দিৱস : কাৰ্গিল যুদ্ধৰ বীৰ চহিদ জোৱানসকলক স্মৰণ ত্ৰিপুৰা বিজেপিৰ

July 27, 2018 7:43 am · পিনাকী দাস

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বৃহস্পতিবাৰে দেশৰ বিভিন্ন প্ৰান্তত কাৰ্গিল যুদ্ধৰ বীৰ চহিদ জোৱানসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। ১৯ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কালিৰ দিনটোত ত্ৰিপুৰা বিজেপিও বিভিন্ন কাৰ্যসূচীৰ লগতে মমবাতি জ্বলাই বীৰ চহিদসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

উল্লেখ্য যে, ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই । তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হৈ আহিছে।

বিজেপিয়ে ৰাজ্যখনত কেন্দ্ৰীয়ভাৱে আগৰতলাত বিজয় দিৱস পালন কৰি চহিদ জোৱানসকলক স্মৰণ কৰে আৰু অন্য প্ৰান্ততো বিজেপি কৰ্মীসকলে এই বিশেষ ঐতিহাসিক দিনটো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰে।

১৯৯৯ চনতে পাকিস্তানৰ সৈতে হোৱা সামৰিক যুদ্ধত যিসকল ভাৰতীয় বীৰ জোৱানে নিজৰ প্ৰাণৰ বলিদান দি মাতৃভূমিক শত্ৰুৰ পৰা বচাবলৈ সক্ষম হৈছিল সেই বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেই প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে।

Related News