NORTHEAST NOW (Assamese)
অসম

বিজয় দিৱস : কাৰ্গিল যুদ্ধৰ বীৰ চহিদ কেপ্তেইন জিণ্টু গগৈক স্মৰণ

Posted by: এন ই নাও নিউজ July 26, 2018 1:33 pm
37800767_842629516127832_2530993187804151808_n

সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে অসমতো উদযাপন কৰা হৈছে কাৰ্গিল বিজয় দিৱস । বৃহস্পতি বাৰে কেপ্টেইন জিন্টু গগৈৰ গৃহ গাঁও খুমটাইত চহিদগৰাকীৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় কাৰ্গিল দিৱস ।

আজি পুৱাই গোলাঘাট জিলাৰ খুমটাইত চহিদ জিণ্টু গগৈৰ পৰিয়াল আৰু জাছিংফা লেখিকা সমাৰোহৰ উদ্যোগত চহিদগৰাকীক শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। বীৰ চহিদ কেপ্তেইন জিণ্টু গগৈৰ সমাধিস্থলীত পতাকা উত্তোলন কৰে চহিদ গৰাকীৰ পিতৃ তথা অৱসৰ প্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈয়ে।

পতাকা উত্তোলনৰ পাছতে চহিদ গগৈৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে বীৰ যোদ্ধাজনক মাল্যাৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৰ্ণেল বেনুধৰ শইকীয়া, কাৰ্গিল যুদ্ধৰ সময়ত সেনা বাহিনীত চিকিৎসা সেৱা আগবঢ়োৱা চুবেদাৰ শোভন চন্দ্ৰ কাকতিও। দেশৰ বাবে জীৱন দান কৰা বীৰ চহিদজনক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা কোনো লোক উপস্থিত নথকাত স্থানীয় ৰাইজৰ লগতে ক্ষোভ প্ৰকাশ কৰে জিণ্টু গগৈৰ পৰিয়ালে।

উল্লেখ্য যে, ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই । তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয় ।