NORTHEAST NOW (Assamese)
অসম

বিজয় হাজাৰে ট্ৰফিত বৰোদাৰ হাতত অসম ২৭৯ ৰানত পৰাজিত

Posted by: এন ই নাও নিউজ February 16, 2018 8:14 pm
VijoyHajareTrophy

আজি বেংগালুৰুৰ কে এছ চি এ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফিৰ গ্ৰুপ এ-ৰ এখন খেলত অসম ক্ৰিকেট দলটো বৰোদাৰ হাতত অতি শোচনীয়ভাৱে ২৭৯ ৰানৰ ব্যৱধানত পৰাজিত হয়।

খেলখনত বৰোদাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৩৭৮ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। প্ৰত্যুত্তৰত চাপত থকা অসমৰ দলটোৱে মাত্ৰ ৩০ অ’ভাৰতে ৯৯ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। অধিনায়ক গকুল শৰ্মাৰ অসম দলটোৱে টছত জিকি পোনতে ব’লিং কৰাৰ সিদ্ধান্ত লয়।

কিন্তু বৰোদাৰ বেটছমেনকেইজনে অসমৰ ব’লিং আৰু ফিল্ডিং প্ৰায় তছনচ কৰি পেলায়। বৰোডাৰ অপেনাৰদ্বয়ে সফল যুটি বান্ধি অসমৰ ব’লাৰ সকলক কোনো সুযোগ দিয়া নাছিল। অ’পেনাৰ আদিত্যই ১২৮ বলত ১৪৮ ৰানৰ এক মাৰমুখী ইনিংছ খেলাৰ বিপৰীতে আনজন অ’পেনাৰ কেডাৰ দেৱধৰে ৬৫ টা বলৰ ৬১ ৰানৰ ইনিংছ খেলে। তেওঁলোকে ৭ উইকেট হেৰুৱাই এই দলৰ ৰানখিনি সংগ্ৰহ কৰে।

আনহাতে অসমৰ বেটছমেনে প্ৰথমৰ পৰাই দুৰ্বল প্ৰদৰ্শন কৰিবলৈ ধৰে। অ’পেনাৰ পাৰভেজ আজিজে সামান্য প্ৰতিৰোধ আগ বঢ়াই ৬৯ বলত ৫০ ৰানৰ ইনিংছ খেলে যদিও আনজন অপেনাৰ ৰিয়ান পৰাগে ১৩ টা বলত মাত্ৰ ২ ৰান কৰি বিদায় লয়। সুবিধা কৰিব নোৱাৰিলে অধিনায়ক গকুল শৰ্মায়ো। তেওঁ মাত্ৰ ৯ ৰান কৰে। পাৰভেজ আজিজৰ বাদে দহকৰ ঘৰ স্পৰ্শ কৰে মাত্ৰ ৰোমাৰিঅ’ শৰ্মাই (২২)।

অসম দলটোৱে মুঠ ৰান কৰে মাত্ৰ ৯৯ ৰান। দলটোৰ এনে হতাশাজনক প্ৰদৰ্শনত স্বাভাৱিকতে অসমৰ ক্ৰিকেট প্ৰেমী বিতুষ্ট হোৱা দেখা গৈছে। বহুতে ছ’চিয়েল মিডিয়াত দলটোৰ ব্যৰ্থতাৰ বাবে অসম ক্ৰিকেট সংস্থাকে জগৰীয়া কৰিছে।