NORTHEAST NOW (Assamese)

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

May 13, 2025 7:31 pm · এন ই নাও, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্যতম আগশাৰীৰ সৌৰ শক্তি কোম্পানী ভাৰতীয় সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক অপসাৰণ কৰিছে। যদিও কোনো নিৰ্দিষ্ট কাৰণ জানিব পৰা হোৱা নাই, বহুতে বিশ্বাস কৰে যে এই পদক্ষেপ লোৱা হৈছে কাৰণ কোম্পানীটোৰ নাম আমেৰিকাত আদানি গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ সৈতে জড়িত আছিল।

১০ মেত কেবিনেটৰ নিযুক্তি সমিতিয়ে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে ৰামেশ্বৰ প্ৰসাদ গুপ্তাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈচাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো কাৰণ দিয়া হোৱা নাই।

গুজৰাট কেডাৰৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আৰ পি গুপ্তাই শেষবাৰৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ২০২৩ চনৰ জুন মাহত তেওঁ এছ ই চি আইৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু অহা মাহত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল।

বিদ্যুৎ বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বচ্ছতাৰ অভাৱ, নিবিদা ব্যৱস্থাপনাত ভুল, প্ৰকল্প ৰূপায়ণত পলম আদি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোম্পানীটোৰ প্ৰায় ১২ গিগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্পই এতিয়াও বিদ্যুৎ বিক্ৰী বা ক্ৰয় চুক্তিৰ বাবে অনুমোদন লাভ কৰা নাই।

এনে পৰিস্থিতিত আদানি গ্ৰুপ আৰু এজুৰ পাৱাৰৰ সৈতে জড়িত প্ৰকল্পসমূহত দুৰ্নীতিৰ অভিযোগো পোহৰলৈ আহিছে। অভিযোগ কৰা হৈছে যে ২০১৯-২০ চনত এছ ই চি আইৰ জৰিয়তে ৩০ জি ডব্লিউৰ বিশাল নিবিদা আহ্বান কৰাৰ পিছতো ইয়াৰ বেছিভাগ প্ৰকল্পৰ বাবে কোনো ক্ৰেতা পোৱা নগল।

আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ তদন্তত প্ৰকাশ পাইছে যে আদানী আৰু এজুৰে ৰাজ্য চৰকাৰৰ বিষয়াসকলক উৎকোচ দি চুক্তিখন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল।

কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগেও চলিত বৰ্ষৰ জানুৱাৰী মাহত ২০২২ চনত এছইচিআইৰ প্ৰথমটো বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা শুল্ক নাকচ কৰে। চিইআৰচিয়ে কয় যে এই প্ৰত্যাখ্যানৰ কাৰণ হৈছে বিদ্যুৎ যোগান আৰু ক্ৰয় চুক্তি (পিএছএ আৰু পিপিএ) স্বাক্ষৰ কৰাত পলম

একাধিক বিতৰ্কৰ মাজতে এস ই চি আইৰ অধ্যক্ষগৰাকীক হঠাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰাক লৈ প্ৰশাসনিক পৰ্যায়ত প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰ পি গুপ্তাই।লগতে, কংগ্ৰেছে কেন্দ্ৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে যোৱা নৱেম্বৰ মাহত গৌতম আদানী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত সৌৰশক্তিৰ নাম উল্লেখ কৰা হৈছে। সংগঠনটোৰ পৰামৰ্শৰ বাবেই আদানী গোটৰ সৈতে বিভিন্ন ৰাজ্যই চুক্তি স্বাক্ষৰ কৰিছিল। এতিয়া তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই সৌৰশক্তিৰ চিএমডিৰ পৰা অপসাৰণ কৰা হৈছে। এই সকলো চেষ্টা কৰিও ‘মোডানী’ কেলেংকাৰী লুকুৱাব পৰা নাযায়।

Related News