NORTHEAST NOW (Assamese)
অসম

বিদেশী ন্যায়াধিকৰণত গোচৰৰ সন্মুখীন হোৱা দুখীয়া-নিৰক্ষৰ লোকক আইনী সাহায্য প্ৰদানৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

Posted by: অনিৰ্বাণ পাঠক July 7, 2018 11:01 pm
AnnabalaRay

সন্দেহজনক বিদেশী বুলি ধাৰণা কৰা দুখীয়া আৰু নিৰক্ষৰ লোকসকলক প্ৰয়োজন সাপেক্ষে গোচৰ চলাবলৈ আইনী সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কয়, “অতি দুখীয়া, নিৰক্ষৰ অথবা কেওকিছু নোহোৱা সন্দেহজনক বিদেশী বুলি ঠাৱৰ কৰা এনে কিছু লোক আছে, যিসকলৰ বিদেশী ন্যায়াধিকৰণ আদালতত আত্মপক্ষ সমৰ্থনৰ শক্তি নাথাকে।

গতিকে তেনে লোকসকলক আদালতত প্ৰয়োজন সাপেক্ষে চৰকাৰে আইনী সাহায্য প্ৰদান কৰি আদালতত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ দিব লাগে।”

বৰদলৈয়ে লগতে বহু ব্যক্তি তেওঁ গম নোপোৱাকৈয়ে বা সোঁশৰীৰে আদালতত হাজিৰ নোহোৱাকৈয়ে বিদেশী বুলি ঘোষিত হোৱাৰ লগতে তেনে লোকক ধৰি-বান্ধি নি ডিটেনইশ্যন কেম্পত ৰখাৰো অভযোগ পোৱা বুলি জানিবলৈ দিয়ে। তেওঁ চন্দ্ৰধৰ দাস আৰু অন্নবালা ৰায়ৰ দৰে ঘটনা হৃদয়বিদাৰক বুলি কৈ তেওঁলোকৰ ক্ষেত্ৰতো তেনেকুৱাই হোৱা বুলি কয়।

ইয়াৰ উপৰি ডিটেইনশ্যন কেম্পত বন্দীসকলৰ ওপৰত মানৱ অধিকাৰ উলংঘনৰো ঘটনা ঘটাৰ অভিযোগ পোৱা বুলি তেওঁ জানিবলৈ দিয়ে। গতিকে প্ৰদেশ কংগ্ৰেছে ডিটেইনশ্যন কেম্পত থকা বন্দী, বিশেষকৈ মহিলাসকলৰ সা-সুবিধা তথা মানৱ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।