NORTHEAST NOW (Assamese)
নাগালেণ্ড

বিধানসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডলৈ ৰাওনা হ’ব চি এ পি এফৰ ২৮১ টা কোম্পানী

Posted by: এন ই নাও নিউজ February 11, 2018 9:14 pm
nagaland

২৭ ফেব্ৰুৱাৰিৰ পৰা হ’ব লগীয়া আসন্ন নাগালেণ্ড বিধানসভা নিৰ্বাচনত নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে নাগালেণ্ডলৈ কেন্দ্ৰীয় সশস্ত্ৰ অৰক্ষী বাহিনী (চি এ পি এফ)ৰ ২৮১ টা কোম্পানী প্ৰেৰণ কৰা হ’ব।

দেওবাৰে এই কথা জানিবলৈ দি নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিংহাই কয় যে উক্ত ২৮১ টা কোম্পানীৰ ৭৭ টা কোম্পানী ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈছে। আনহাতে বাকী ২০৪ টা কোম্পানী ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ পিছতে ৰাজ্যখনত উপস্থিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নগদ টকা, অস্ত্ৰ, সুৰা আৰু অন্যান্য অবৈধ সামগ্ৰীৰ নিৰীক্ষণ কৰিবলৈ চি এ পি এফৰ এটা ভাগক আৰক্ষী চকী সমূহত নিয়োগ কৰা হৈছে।

২১৯৪ টা ভোট কেন্দ্ৰত নিৰাপত্তা দিয়াৰ উদ্দেশ্যে ২৮,১০০ গৰাকীতকৈ অধিক চি এ পি এফৰ জোৱান নিয়োগ কৰাৰ লগতে ৰাজ্যিক সহস্ৰ আৰক্ষীৰ ৫৮ টা কোম্পানীৰ ৫৬৯৮ গৰাকী জোৱান তথা জিলা কাৰ্যকৰী বাহিনীক নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰা হ’ব।

বিধানসভা নিৰ্বাচনটোৰ বাবে কেন্দ্ৰ তথা ৰাজ্যৰ প্ৰায় ৪৫,০০০ নিৰাপত্তাৰক্ষী জোৱান নিয়োগ কৰা হ’ব।