NORTHEAST NOW (Assamese)
অসম

বিধ্বস্ত পাৰ্বত্য জিলাৰ জীৱন ৰেখা ৰাষ্ট্ৰীয় ঘাইপথ, স্তব্ধ ৰে’ল চলাচল

Posted by: পংকজ কুমাৰ দেব June 16, 2018 6:47 am
বানপানী হাফলং

যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ডিমা হাচাও জিলাৰ সৈতে ৰাজ্যৰ বাকী অংশৰ ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আনহাতে, হাফলং-লংকা ঘাইপথ বাদ দি বাকী হাফলং-শিলচৰ আৰু হাফলং-লামডিং ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিছে।

উক্ত ঘাইপথটোৰে পুনৰ কেতিয়ালৈ যানবাহন চলাচল কৰিব সেয়া এই মুহুৰ্তত কোৱা টান হৈ পৰিছে। কিয়নো এতিয়ালৈকে জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ফালৰ পৰা পথ সুচল কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ পৰিণতিত অহা এক সপ্তাহতো হাফলং- লামডিং ৰাষ্ট্ৰীয় ঘাইপথ সুচল হোৱাৰ কোনোও আশা নাই।

বানপানী হাফলং
নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বস্ত হাফলং সংযোগী ঘাইপথ। ফটো : নৰ্থ ইষ্ট নাও

ইপিনে জিলা সদৰৰ লগত যোগাযোগ ৰক্ষাকাৰী অন্যতম জীৱন ৰেখা হিচাপে চিহ্নিত ঘাইপথটো বন্ধ হৈ পৰাত পাহাৰীয়া ৰাইজ বিপাঙত পৰিছে।

জাতিংগা- মাহুৰৰ মাজত মুঠ ১২ টা পৃথক স্থানত ভূমিস্খলন হোৱাৰ লগতে ঘাইপথ নিশ্চিহ্ন হৈ পৰিছে। প্ৰায় তিনিশ’ মিটাৰ এলেকা জুৰি ভূমিস্খলন হোৱাৰ উপৰি পকী দলঙো ক্ষতিগ্ৰস্ত হৈছে। পানীৰ প্ৰবল সোঁতে ঘাইপথ ভাঙি লৈ গৈছে।

আনহাতে, ৰে’লপথ সুচল হোৱা বিষয়কলৈয়ো সন্দিহান ৰে’ল কৰ্তৃপক্ষ। বৃহস্পতিবাৰে ৰাতি ন’টা বাজি ত্ৰিশ মিনিটত ট্ৰ্যাক চাৰ্টিফিকেট দিয়া হয় যদিও ৰাতি আকৌ ডিটকচড়া আৰু বান্দৰখালৰ মাজত ভয়ংকৰ ভূমিস্খলনত ৰে’লপথৰ বিস্তৰ ক্ষতিসাধন হয়।

ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই নৰ্থ ইষ্ট নাওক জনায় যে  বৰষুণ কমিলে অনতিপলমেই ঘাইপথ মেৰামতিৰ কাম আৰম্ভ হ’ব। তথাপি হাফলং-লামডিং ৰাষ্ট্ৰীয় ঘাইপথত মুঠতে বাৰটা পৃথক স্থানত পথ সুচল কৰি তোলোতে কেইবাদিন লাগিব।