NORTHEAST NOW (Assamese)
অসম

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে দৰং জিলাৰ মঙলদৈত পালন বিশ্ব পৰিৱেশ দিৱস

Posted by: ময়ূখ গোস্বামী June 5, 2018 12:12 pm
Environment Day 1

আজি সমগ্ৰ বিশ্বই পৰিৱেশ দিৱস পালন কৰাৰ সমান্তৰালকৈ অসমৰ দৰং জিলাৰ মঙলদৈতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰা হয় পৰিৱেশ দিৱস।  জিলা প্ৰশাসন, মঙলদৈ ক্ৰীড়া সন্থা আৰু স্থানীয় বন বিভাগৰ সহযোগত ‘ক্ৰিষ্টেল ভিজন’ নামৰ স্থানীয় বেচৰকাৰী সংস্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়াম চৌহদত গছপুলি ৰোপণ, চাফাই অভিযান আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰি এই অনুষ্ঠানত উপস্থিত থকা শিশুসকলৰ মাজত গছপুলি বিতৰণ, মেধা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত অৰ্থনীতিবিদ ড০ হিৰণ্য কুমাৰ নাথ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ পবিত্ৰ কুমাৰ বৰদলৈ আৰু মঙলদৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে গছপুলি ৰোপণৰ গুৰুত্ব সম্পৰ্কে ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়।

‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা’ শীৰ্ষক থীমেৰে পালন কৰা এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ এই অনুষ্ঠানত তেওঁলোকে নৱ প্ৰজন্মক প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত দৰং জিলাৰ মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পৰা বাণিজ্য শাখাত দশম স্থান দখল কৰা পল্লবী দাসক অনুষ্ঠানৰ আৰম্ভণিতে সম্বৰ্ধনা জনায়। আৰু ইয়াৰ পাছতে এজোপা বকুল গছ ৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে মেধাবী ছাত্ৰী পল্লবী দাসে।