NORTHEAST NOW (Assamese)
অসম

বিমল বৰপাত্ৰগোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 26, 2017 11:44 am
বিমল বৰপাত্ৰগোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা

ৰাজ্য চৰকাৰে আজি ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা ঘোষণা কৰে। এই সন্মানীয় বঁটা এইবাৰ আগ বঢ়োৱা হৈছে তাই ভাষাৰ গৱেষক-পণ্ডিত শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বিমল বৰপাত্ৰগোহাঁইলৈ। শ্ৰীযুত বৰপাত্ৰ গোহাঁয়ে দীৰ্ঘদিন ধৰি তাই ভাষাৰ সংৰক্ষণ, উন্নয়নৰ হকে বিভিন্ন পৰ্য্যায়ত কাম কৰি আহিছে। তেওঁ কেইবাখন তাই ভাষাৰ গ্ৰন্থও প্ৰকাশ কৰিছে। এই বঁটাৰ জৰিয়তে পণ্ডিতগৰাকীলৈ তেওঁৰ সাধনাৰ স্বীকৃতি আগ বঢ়োৱা হয়। সূত্ৰটোত প্ৰকাশ পোৱা মতে তিপামত হ’ব লগীয়া আগন্তুক চ্যুকাফা দিৱসত পণ্ডিতজনক চৰকাৰে উক্ত বঁটাটো প্ৰদান কৰিব।