NORTHEAST NOW (Assamese)
অৰুণাচল

গুৱাহাটীৰ পৰা চলাচল কৰিব জেট এয়াৰৱেজৰ ১৫খন নতুন বিমান

Posted by: এন ই নাও নিউজ March 26, 2018 7:56 pm
jet-airways-

জেট এয়াৰৱেজে গুৱাহাটীৰ পৰা ১৫খন নতুন বিমানৰ চলাচল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। উত্তৰ-পূৰ্বাঞ্চললৈ বিমান সেৱা আৰু অধিক মসৃণ কৰাৰ উদ্দেশ্য এই পদক্ষেপ লোৱা হৈছে বুলি বিমান পৰিবহন কোম্পানীটোৰ তৰফৰ পৰা ব্যক্ত কৰা হৈছে।

এই সন্দৰ্ভত জেট এয়াৰৱেজৰ মুখ্য কাৰ্যবাহী বিষয়া বিনয় ডুবেই কৈছে,‘আমাৰ গ্ৰীষ্মকালীন সময়সূচী এনেধৰণেৰে সজোৱা হৈছে যাতে আমাৰ বিমানত ভ্ৰমণ কৰা যাত্ৰীসকলে উত্তৰ-পূৰ্বঞ্চলৰ সৈতে ভাৰতৰ আন আন ঠাইলৈ ক’তো নোৰোৱাকৈ মসৃণভাৱে যাত্ৰা কৰিব পাৰে।

Vinay Dube, CEO, Jet Airways

উল্লেখযোগ্য যে জেট এয়াৰৱেজে পূৰ্বে এই গ্ৰীষ্মত উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰি ১৪৪খন সআপ্তাহিক বিমান চলাচল কৰোৱাৰ কথা ঘোষণা কৰিছিল। সাপ্তাহিক বিমানকেইখনে নতুন দিল্লী আৰু মুম্বাইক আইজল, যোৰহাট, ইম্ফল আৰু শিলচৰৰ সৈতে সংযোগ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ এই বিমান কেইখন গুৱাহাটীত সাময়িক বিৰতি লৈ পুনে, কলকাতা, বাগডোগ্ৰা আৰু ইম্ফলক সংযোগ কৰিব।

 

নতুন বিমানপথসমূহ হৈছে-দিল্লীৰ পৰা আইজললৈ ক’তো নৰোৱাকৈ আইজল আৰু যোৰহাটলৈ সপ্তাহত তিনিবাৰ, নতুন দিল্লীৰ পৰা ইম্ফল আৰু নতুন দিল্লীৰ পৰা শিলচৰলৈ সপ্তাহত চাৰিবাৰকৈ। ইয়ে মুম্বাইৰ আৰু পুনেৰ সৈতে যোৰহাট আৰু ইম্ফলকো সংযোগ কৰিব অৱশ্যে সেয়া প্ৰত্যক্ষ বিমান সেৱা নহ’ব বুলি জেট এয়াৰৱেজ কৰ্তৃপক্ষই জনাইছে।